অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনক লৈ পুনৰ সৃষ্টি হৈছে নতুন চৰ্চা। দুয়োগৰাকী অভিযুক্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। ৰাজ্য চৰকাৰে দুয়োগৰাকী অভিযুক্তৰ জামিন বাতিল কৰাৰ বাবে আবেদন জনাইছে।
উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জামিন প্ৰদান কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত সন্তুষ্ট নহয় ৰাজ্য চৰকাৰ। সেয়েহে জামিনৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে অসম চৰকাৰ। এতিয়া সকলোৰে দৃষ্টি উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত। সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন গ্ৰহণ কৰি জামিন বাতিল কৰে নে নাই, সেয়া লক্ষণীয় হ’ব।
যদি উচ্চতম ন্যায়ালয়ে দুয়োগৰাকী অভিযুক্তৰ জামিন বাতিল কৰে, তেন্তে তেওঁলোক পুনৰ কাৰাবন্দী হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে এই মুহূৰ্তত তেওঁলোকৰ জামিন বাতিল হ’ব নে নাই, সেয়া নিশ্চিত নহয়। সেয়ে, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ পুনৰ জে’ললৈ যাব লাগিব নেকি, সেই প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে। উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী সিদ্ধান্তই এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















