বলীউডৰ বহু প্ৰতীক্ষিত পৌৰাণিক ছবি ‘ৰামায়ণ’ক লৈ দৰ্শকৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰণবীৰ কাপুৰ, ছাই পল্লৱী, যশ আৰু ছানী দেউলৰ দৰে বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত প্ৰায় ৩৩-৩৪ গৰাকী শিল্পীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।
ছবিখনৰ চিত্ৰনাট্য নীতেশ তিৱাৰী আৰু শ্ৰীধৰ ৰাঘৱনে লিখিছে। নমিত মালহোত্ৰা আৰু যশ ছবিখনৰ প্ৰযোজনাৰ সৈতে জড়িত। প্ৰাপ্ত তথ্য অনুসৰি, ৫ নৱেম্বৰত দীপাৱলীৰ দিনা ছবিখনৰ প্ৰথম খণ্ড মুক্তি পোৱাৰ কথা। আনহাতে, দ্বিতীয় খণ্ড অহা বছৰৰ দীপাৱলীত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। এতিয়া জানো আহক, ‘ৰামায়ণ’ ছবিখনত কোনগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কোনটো চৰিত্ৰত অভিনয় কৰিছে।
ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ

‘ৰামায়ণ’ ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰামৰ ৰূপত দেখা যাব বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰক। ছবিখনৰ বাবে তেওঁৰ বিশেষ ৰূপ ইতিমধ্যে দৰ্শকৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰক লৈ অনুৰাগীসকলৰ যথেষ্ট আশা আছে।
সীতাৰ চৰিত্ৰত ছাই পল্লৱী

ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিছে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱীয়ে। প্ৰথমবাৰৰ বাবে ৰণবীৰ কাপুৰৰ সৈতে যুটী বান্ধিছে অভিনেত্ৰীগৰাকীয়ে। তদুপৰি, এই ছবিখনেই ছাই পল্লৱীৰ প্ৰথম হিন্দী চলচ্চিত্ৰ প্ৰকল্প বুলি উল্লেখ কৰা হৈছে।
লক্ষ্মণৰ চৰিত্ৰত ৰবি ডুবে

ভগৱান ৰামৰ ভাতৃ লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ৰবি ডুবেই। ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ যুটী ছবিখনৰ অন্যতম আকৰ্ষণ। এই বৃহৎ প্ৰকল্পৰ জৰিয়তে বলীউডত অভিষেক ঘটাবলৈ সুযোগ পোৱাত ৰবি ডুবেই নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰিছে।
ৰাৱণৰ চৰিত্ৰত যশ

কানাড়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তাৰকা যশে ছবিখনত লংকাপতি ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ শক্তিশালী ব্যক্তিত্ব আৰু অভিনয়ক লৈ অনুৰাগীসকলৰ মাজত বিশেষ আগ্ৰহ দেখা গৈছে। ছবিখনৰ বিভিন্ন পোষ্টাৰত ৰাৱণৰ ৰূপত যশক দেখা গৈছে।
শূৰ্পনখাৰ চৰিত্ৰত ৰকুল প্ৰীত সিং

ৰাৱণৰ ভগ্নী শূৰ্পনখাৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী ৰকুল প্ৰীত সিঙে। নিৰ্মাতাসকলে তেওঁৰ চৰিত্ৰৰ ৰূপো প্ৰকাশ কৰিছে। ছবিখনত শূৰ্পনখাৰ চৰিত্ৰটো কাহিনীৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে।
মাণ্ডোদাৰীৰ চৰিত্ৰত কাজল আগৰৱাল
ৰাৱণৰ পত্নী মাণ্ডোদাৰীৰ চৰিত্ৰত দেখা যাব দক্ষিণ ভাৰতৰ অভিনেত্ৰী কাজল আগৰৱালক। ৰাৱণৰ পৰিয়ালৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে ছবিখনত মাণ্ডোদাৰীৰ ভূমিকা বিশেষ হ’ব বুলি আশা কৰা হৈছে।
দশৰথৰ চৰিত্ৰত অৰুণ গোভিল

ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ ধাৰাবাহিকত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা অভিনেতা অৰুণ গোভিলক এইবাৰ দেখা যাব ৰজা দশৰথৰ ৰূপত। ৰণবীৰ কাপুৰৰ পিতৃৰ চৰিত্ৰত তেওঁ অভিনয় কৰিব।
কৈকেয়ী, কৌশল্যা আৰু সুমিত্ৰাৰ চৰিত্ৰ

ৰজা দশৰথৰ পত্নী কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী লাৰা দত্তই। আনহাতে, মাতৃ কৌশল্যাৰ চৰিত্ৰত দেখা যাব ইন্দিৰা কৃষ্ণনক। সুমিত্ৰাৰ চৰিত্ৰত অভিনয় কৰিছে সোণাল ঝাই।

ভৰত আৰু শত্ৰুঘ্নৰ চৰিত্ৰ
ৰামৰ ভাতৃ ভৰতৰ চৰিত্ৰত অভিনয় কৰিছে মাৰাঠী অভিনেতা আদিনাথ কোথাৰেই। আনহাতে, শত্ৰুঘ্নৰ চৰিত্ৰত দেখা যাব নিতেশ শৰ্মাক।
মন্থৰাৰ চৰিত্ৰত শ্বীবা চদ্ধা
ৰামায়ণৰ কাহিনীত বিশেষ ভূমিকা পালন কৰা মন্থৰাৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শ্বীবা চদ্ধাই। ছবিখনৰ নিৰ্মাতাসকলে ইতিমধ্যে তেওঁৰ চৰিত্ৰৰ ৰূপ প্ৰকাশ কৰিছে।
উৰ্মিলা, মাণ্ডৱী আৰু শ্ৰুতকীৰ্তিৰ চৰিত্ৰ
ৰাম আৰু লক্ষ্মণৰ পৰিয়ালৰ আন মহিলা চৰিত্ৰসমূহো ছবিখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। উৰ্মিলাৰ চৰিত্ৰত অভিনয় কৰিছে ছোনিয়া বালানীয়ে, একেদৰে মাণ্ডৱীৰ চৰিত্ৰত ৰিয়া কাপুৰ, শ্ৰুতকীৰ্তিৰ চৰিত্ৰত সুৰভি দাসে অভিনয় কৰিছে। লক্ষ্মণৰ পত্নী উৰ্মিলা, ভৰতৰ পত্নী মাণ্ডৱী আৰু শত্ৰুঘ্নৰ পত্নী শ্ৰুতকীৰ্তিৰ চৰিত্ৰসমূহে কাহিনীত বিশেষ স্থান লাভ কৰিব।
ৰাৱণৰ পৰিয়ালৰ বিভিন্ন চৰিত্ৰতো বহু কেইগৰাকী অভিনেতাই অভিনয় কৰিছে। মেঘনাদৰ চৰিত্ৰত ৰাঘৱ জুৱেল, কুম্ভকৰ্ণৰ চৰিত্ৰত ফৈছাল মালিক, সুবাহুৰ চৰিত্ৰত পৰমিন্দৰ চাড্ডা, মাৰিচাৰ চৰিত্ৰত সৌৰভ সচদেৱ, তাড়কাৰ চৰিত্ৰত কাঞ্চন চেতাল, সুমালিৰ চৰিত্ৰত চেতন হন্সৰাজে অভিনয় কৰিছে। এই চৰিত্ৰসমূহৰ জৰিয়তে ৰাৱণৰ পৰিয়াল আৰু লংকাৰ কাহিনী ছবিখনত অধিক বিস্তৃতভাৱে উপস্থাপন কৰা হ’ব বুলি আশা কৰা হৈছে।
অগস্ত্যৰ চৰিত্ৰত মুকেশ তিৱাৰী
ছবিখনত অগস্ত্য ঋষিৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা মুকেশ তিৱাৰীয়ে। এই চৰিত্ৰৰ ৰূপ এতিয়াও সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে। আনহাতে জটায়ুৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰবীণ অভিনেতা অনুপম খেৰে। দৰাচলতে ৰামায়ণৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ জটায়ুৰ বাবে কণ্ঠদান কৰিছে অভিনেতা অনুপম খেৰে। জটায়ুৰ চৰিত্ৰটোৱে ৰামায়ণৰ কাহিনীত এক বিশেষ ভূমিকা পালন কৰে।
হনুমানৰ চৰিত্ৰত ছানী দেউল
ছবিখনৰ আটাইতকৈ চৰ্চিত চৰিত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে বজৰং বালি অৰ্থাৎ ভগৱান হনুমানৰ চৰিত্ৰ। এই চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ শক্তিশালী অভিনেতা ছানী দেউলে। ৬৯ বছৰ বয়সত হনুমানৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হোৱা ছানী দেউলক লৈ অনুৰাগীসকলৰ মাজত বিশেষ কৌতূহল সৃষ্টি হৈছে। অৱশ্যে, নিৰ্মাতাসকলে এতিয়ালৈকে তেওঁৰ সম্পূৰ্ণ ৰূপ প্ৰকাশ কৰা নাই। ট্ৰেইলাৰ বা পোষ্টাৰৰ জৰিয়তেও হনুমানৰ ৰূপ দেখুওৱা হোৱা নাই। সেয়েহে ছানী দেউলৰ চৰিত্ৰটোক লৈ ছবিখনৰ নিৰ্মাতাসকলে একপ্ৰকাৰৰ ৰহস্য বজাই ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















