মুম্বাইত বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ বৃহত্তৰ মুম্বাই পৌৰ নিগমে এক বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় চেলিব্ৰিটিক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু দীপাৱলীৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিয়া মিৰ্জাই আগবঢ়োৱা ভিডিঅ’ বাৰ্তাক লৈ সৃষ্টি হৈছে বিতৰ্ক। বিজেপিৰ মুম্বাইৰ সভাপতি অমিত সত্যমে আপত্তি জনোৱাৰ পিছতে BMC-এ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা অভিনেত্ৰীগৰাকীৰ ভিডিঅ’টো আঁতৰাই পেলায়।
ভিডিঅ’ বাৰ্তাটোত দিয়া মিৰ্জাই দীপাৱলীৰ সময়ত ফটকা নুফুটাবলৈ আৰু শব্দ প্ৰদূষণৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছিল। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত সকলোৱে দায়িত্বশীলভাৱে উৎসৱ পালন কৰিব লাগে বুলি তেওঁ বাৰ্তাটোত উল্লেখ কৰিছিল। কিন্তু তেওঁৰ এই আহ্বানক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হয়। ৰাজ্যিক মন্ত্ৰী নিতেশ ৰাণেই দিয়া মিৰ্জাৰ বক্তব্যৰ প্ৰতি আপত্তি প্ৰকাশ কৰে।
নিতেশ ৰাণেই কয় যে দিয়া মিৰ্জাই দীপাৱলীৰ সময়ত পৰিৱেশ সুৰক্ষাৰ কথা কয় যদিও ঈদ, মহৰমৰ সময়ত একেধৰণৰ পৰামৰ্শ দিয়া দেখা নাযায়। তেওঁৰ মতে, পৰিৱেশ অনুকূল হোলীৰ কথা কোৱাৰ লগতে ৰমজান আৰু ঈদৰ সময়তো পৰিৱেশ সুৰক্ষাৰ আহ্বান জনোৱা উচিত। এই বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
বিজেপিৰ মুম্বাইৰ সভাপতি অমিত সত্য়মে দিয়া মিৰ্জাৰ ভিডিঅ’টোৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰে। তেওঁ বিএমচিৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টক টেগ কৰি নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ কয় “আমি দিয়া মিৰ্জাৰ পৰা দীপাৱলী উদযাপন কৰিবলৈ শিকাৰ প্ৰয়োজন নাই। আমাৰ পৰম্পৰা আৰু সংস্কৃতি গভীৰভাৱে শিপাই আছে।”
তেওঁৰ এই মন্তব্যৰ কিছু ঘণ্টাৰ পিছতে বিএমচিয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজৰ পৰা দিয়া মিৰ্জাৰ ভিডিঅ’ বাৰ্তাটো আঁতৰাই পেলায়। পৌৰ আয়ুক্ত অশ্বিনী ভিদেৰ নেতৃত্বাধীন সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে বিএমচিৰ প্ৰদূষণবিৰোধী অভিযানৰ অংশ হিচাপে অভিনেত্ৰী মাধুৰী দীক্ষিত, মাৰাঠী শিল্পী নিশিগন্ধা ৱাদ আৰু ক্ৰিকেটাৰ অজিংক্য ৰাহানেও ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰিছিল। দিয়া মিৰ্জাৰ ভিডিঅ’টো আঁতৰাই পেলোৱা হ’ল যদিও এই আন চেলিব্ৰিটিসকলৰ ভিডিঅ’ বাৰ্তা বিএমচিৰ ছ’চিয়েল মিডিয়া পেজত এতিয়াও উপলব্ধ হৈ আছে।
দীপাৱলীৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কৰা এক পৰিৱেশ সচেতনতামূলক আহ্বানক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া মুম্বাইৰ ৰাজনৈতিক আৰু সামাজিক মহলত চৰ্চা লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















