ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত অথবা প্লেটফৰ্মত থিয় হৈ থাকোঁতে বহুতে ৰে’লৰ শেষৰ ডবাটোৰ পিছফালে এটা ডাঙৰ ‘X’ চিহ্ন লক্ষ্য কৰে। বহু যাত্ৰীয়ে এই চিহ্নটোক সাধাৰণ ডিজাইন বুলি ভাবিলেও, প্ৰকৃততে ই ভাৰতীয় ৰে’লৱেৰ এক অতি গুৰুত্বপূৰ্ণ সুৰক্ষা সংকেত। এই সৰু চিহ্নটোৱে ৰে’লখনৰ সম্পূৰ্ণতা নিশ্চিত কৰাত বিশেষ ভূমিকা পালন কৰে।
ৰে’ল মন্ত্ৰালয়েও ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই চিহ্নৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিছে। ‘X’ চিহ্নটোৱে ৰে’লখনৰ শেষৰ ডবাটো চিনাক্ত কৰে। ইয়াৰ সহায়ত ৰে’লৱেৰ কৰ্মচাৰীসকলে নিশ্চিত কৰিব পাৰে যে ৰে’লখনৰ সকলো ডবা একেলগে পাৰ হৈ গৈছে আৰু কোনো ডবা মাজপথত বিচ্ছিন্ন হৈ ৰৈ যোৱা নাই। এই চিহ্ন কোনো বিশেষ ৰে’ল বা নিৰ্দিষ্ট পথৰ বাবে নহয়। ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’লৰ শেষৰ ডবাটো চিনাক্ত কৰিবলৈ এই ব্যৱস্থা ব্যৱহাৰ কৰা হয়।
শেষৰ ডবাত থকা ‘X’ চিহ্নৰ প্ৰকৃত অৰ্থ কি?
ৰে’লৰ শেষৰ ডবাটোৰ পিছফালে থকা ডাঙৰ ‘X’ চিহ্নটো হৈছে ৰে’লখনৰ শেষৰ বাহন চিনাক্ত কৰাৰ এক বিশেষ সংকেত। যেতিয়া এখন ৰে’ল ষ্টেচন, ৰে’লৱে গেট বা অন্য কোনো স্থানৰ কাষেৰে পাৰ হৈ যায়, তেতিয়া ৰে’লৱেৰ কৰ্মচাৰীসকলে শেষৰ ডবাটোত থকা এই চিহ্নটো লক্ষ্য কৰে। যদি ‘X’ চিহ্নটো দেখা যায়, তেন্তে তেওঁলোকে সাধাৰণতে নিশ্চিত হয় যে ৰে’লখনৰ শেষৰ ডবাটো পাৰ হৈ গৈছে। এই ব্যৱস্থাৰ ফলত ৰে’লখনৰ কোনো ডবা বিচ্ছিন্ন হৈ পিছফালে ৰৈ গৈছে নেকি, সেই বিষয়ে সহজে সন্দেহ কৰিব পাৰি।
‘LV’ বৰ্ডৰ অৰ্থ কি?
‘X’ চিহ্নৰ লগতে ৰে’লৰ শেষৰ ডবাটোত ‘LV’ আখৰেৰে লিখা এখন সৰু বৰ্ডো দেখা যায়। ‘LV’ৰ সম্পূৰ্ণ অৰ্থ হৈছে ‘Last Vehicle’। অসমীয়াত ইয়াৰ অৰ্থ হ’ল ‘শেষৰ বাহন’। এই বৰ্ডখনৰ জৰিয়তে ৰে’লৱেৰ কৰ্মচাৰীসকলে সহজে বুজিব পাৰে যে এই ডবাটোৱেই ৰে’লখনৰ শেষৰ ডবা। গেটকিপাৰ, চিগনেলমেন আৰু ষ্টেচনৰ কৰ্মচাৰীসকলে এই সংকেত পৰীক্ষা কৰি ৰে’লখন সম্পূৰ্ণৰূপে পাৰ হৈ গৈছে নে নাই, সেয়া নিশ্চিত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















