অৱশেষত ন্যায় পালে ভৰালী পৰিয়ালে! গুৱাহাটীৰ বৰা চাৰ্ভিছৰ হোটেল বিলাস ইনত ন*ৰসংহাৰ চলোৱা মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈৰ মৃত্যু। পুৱতি নিশা প্ৰায় ৩.১০ বজাত অসম আৰক্ষীয়ে কৰে এনকাউণ্টাৰ। আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈয়ে আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পিষ্টল কাঢ়ি লৈ পলায়নৰ চেষ্টা চলায়। প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ অজুহাতেৰে পলাবলৈ চেষ্টা কৰিছিল ঘনকান্তই। সেই সময়ত আৰক্ষীয়ে বাধা দিয়াত ঘনকান্তই এজাই দুজাঁই নহয় ৩ জাঁইকৈ গুলী চলাইছিল আৰক্ষীলৈ। তেতিয়া আত্মৰক্ষাৰ বাবে লগে লগে আৰক্ষীয়ে গুলী চালনা কৰে ঘনকান্তলৈ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলী ঘনকান্ত গগৈৰ বুকু ভেদে, যাৰ বাবে সিপুৰী পায় ঘনকান্ত। এই ঘটনাত আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাও আহত হয়।
এই ঘটনাৰ পিছতে আনন্দিত হৈ পৰিছে ভৰালী পৰিয়াল। সংবাদ মাধ্যমৰ আগত ভূদেৱ ভৰালীৰ কন্যাই মনৰ কথা ব্যক্ত কৰে। তেওঁ কয়, “খবৰটো পাইছো, বহুত ভাল লাগিছে, আজি আমাৰ দহা হয়। আমি ন্যায় পাইছোঁ। ভগৱানে আমাৰ লগত ন্যায় কৰিছে। অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছো আমাৰ পৰিয়ালৰ ন্যায়ৰ বাবে বহু কষ্ট কৰিছে। বহুত দুখৰ মাজতো শান্তি পাইছো। যিদৰে মোৰ দেউতা, পেহী, দাদা, বৌক যেনেকি মাৰিছে তেনেকৈ অপৰাধীজনৰো মৃত্যু হৈছে বহুত ভাল পাইছোঁ। আমাৰ চাকি জ্বলিয়েই আছে, তাৰ আগে আগে ভাল খবৰটো পাইছোঁ। মোৰ দেউতা, পেহী, দাদা, বৌৰ আত্মাই আজি শান্তি পাইছে।”
উল্লেখ্য যে, ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দি ভূদেৱ ভৰালীৰ কন্যাই কয়, “মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ, তেওঁ বহুত কষ্ট কৰিছে আমাক ন্যায় দিবলৈ। তেওঁ নহ’লে আজি ন্যায় নাপালোহেতেন, তেওঁৰ বাবে প্ৰশাসনে সম্পূৰ্ণ সহায় কৰিছে। আমি নিৰাপত্তাহীনতাত ভুগিলোহেতেন। বহুত মন্ত্ৰী-বিধায়কেও আমাক সহায় কৰিছে।”
শেষত আৱেগিক হৈ কয় যে, “মৃত্যু হোৱা আটাইকেইজনৰ স্মৃতিলৈ আমি সকলোৱে নিজৰ নিজৰ জীৱন জিয়াব লাগিব। কিন্তু ন্যায় পোৱাটো অত্যন্ত জৰুৰী আছিল।”
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















