নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অকলেণ্ডত অনুষ্ঠিত প্ৰথমখন মেচত বিৰাট কোহলিয়ে ৭৪ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি টিম ইণ্ডিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ইনিংছৰ জৰিয়তে তেওঁ কেইবাটাও উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰাৰ লগতে বিশ্ব ক্ৰিকেটত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়।
বিশ্বৰ আন কোনো খেলুৱৈয়ে লাভ কৰিব নোৱাৰা এক বিশেষ সাফল্য নিজৰ নামত কৰিছে বিৰাট কোহলিয়ে। তেওঁ হৈছে ছেনা (SENA) দেশসমূহ(দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া)ত এদিনীয়া ক্ৰিকেটত ৫০তকৈ অধিক গড়েৰে ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈ।
এই দেশসমূহত বিৰাট কোহলিৰ এদিনীয়া ক্ৰিকেটৰ গড়ো যথেষ্ট আকৰ্ষণীয়। দক্ষিণ আফ্ৰিকাত তেওঁৰ গড় ৭৬.৩৮, ইংলেণ্ডত ৫১.৪৮, অষ্ট্ৰেলিয়াত ৫০.০৩ আৰু নিউজিলেণ্ডত ৫১.৫৩। অৰ্থাৎ, প্ৰতিখন দেশতে তেওঁ নিজৰ বেটিং দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
কেৱল গড়ৰ ক্ষেত্ৰতেই নহয়, ছেনা দেশসমূহৰ বিৰুদ্ধে পঞ্চাশ বা তাতকৈ অধিক ৰানৰ ইনিংছ খেলাৰ ক্ষেত্ৰতো বিৰাট কোহলি শীৰ্ষস্থানত আছে। নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ ৭৮টাতকৈও অধিক পঞ্চাশ প্লাছ স্ক’ৰ সংগ্ৰহ কৰিছে।
ইয়াৰ উপৰি, ছেনা দেশসমূহৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক পঞ্চাশ প্লাছ স্ক’ৰ কৰাৰ বিশ্ব অভিলেখো বিৰাট কোহলিৰ নামত আছে। এই ক্ষেত্ৰত তেওঁ ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ১৩৪ বাৰ পঞ্চাশ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।
উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিৰাট কোহলিয়ে এদিনীয়া ক্ৰিকেটত অসাধাৰণ ফৰ্ম প্ৰদৰ্শন কৰি আহিছে। টেষ্টৰ অৱসৰৰ পিছত তেওঁ ১৬খন এদিনীয়া মেচ খেলি ৭৭.০৭ গড়ে মুঠ ১০০২ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা আহিছে ৪টা শতক আৰু ৬টা অৰ্ধশতক।
বিৰাট কোহলিৰ এই ধাৰাবাহিক সফলতাই পুনৰ প্ৰমাণ কৰিছে যে বিশ্ব ক্ৰিকেটত তেওঁ আজিও অন্যতম শ্ৰেষ্ঠ বেটছমেন। তেওঁৰ অসাধাৰণ বেটিং দক্ষতা, অভিজ্ঞতা আৰু ৰান সংগ্ৰহৰ ধাৰাবাহিকতাই ভাৰতীয় ক্ৰিকেটক শক্তিশালী কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















