কক্ৰোচ জনতা পাৰ্টি (Cockroach Janta Party) চমুকৈ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু সহ-প্ৰতিষ্ঠাপক আশুতোষ ৰংকাক লৈ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। মন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই আমেৰিকাৰ কিছুমান দাতাৰ পৰা আৰ্থিক সাহায্য লাভ কৰি আহিছে। আনহাতে, দলটোৰ সহ-প্ৰতিষ্ঠাপক আশুতোষ ৰংকাই পাকিস্তানৰ ৰাজনীতিবিদ আৰু আন কিছুমান ব্যক্তিৰ পৰাও আৰ্থিক সহযোগিতা লাভ কৰিছিল বুলি অভিযোগ কৰিছে তেওঁ। তেওঁ লগতে পাকিস্তানৰ ৰাজনীতিবিদৰ সৈতে আশুতোষ ৰংকাৰ সম্পৰ্ক থকা বুলিও দাবী কৰে।
বাংগালুৰুত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কেৱল CJPৰ প্ৰতিষ্ঠাপক আৰু সহ-প্ৰতিষ্ঠাপকক লৈয়ে নহয়, ভাৰতত বিদেশী পুঁজিৰে চলি থকা কিছুমান NGO আৰু সংগঠনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, বিদেশৰ পৰা আৰ্থিক সাহায্য লাভ কৰা কিছুমান NGO আৰু ভাৰতবিৰোধী সংগঠনে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযান চলাই আহিছে। এনে সংগঠনসমূহে চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ লগতে সাধাৰণ জনতাৰ মাজত বিভ্ৰান্তিকৰ তথ্য আৰু ভুল ধাৰণা প্ৰচাৰ কৰাৰ চেষ্টা চলাইছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিদেশৰ পৰা পুঁজি অহাৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰমাণো আছে বুলি দাবী কৰে।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতত বিদেশী অনুদান নিয়ন্ত্ৰণৰ বাবে থকা Foreign Contribution (Regulation) Act (FCRA)-ৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, বিদেশৰ পৰা অহা ধনৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰখা আৰু ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত FCRA আইনখন যথেষ্ট গুৰুত্বপূৰ্ণ। এই আইনৰ জৰিয়তে দেশৰ বিভিন্ন সংগঠন আৰু NGO-এ লাভ কৰা বিদেশী অনুদানৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ চলাব পাৰে।
জিতেন্দ্ৰ সিঙৰ বক্তব্যৰ মূল লক্ষ্য হৈছে বিদেশী পুঁজিৰ সহায়ত ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতি আৰু চৰকাৰবিৰোধী অভিযানত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰা। তেওঁ দাবী কৰিছে যে, বিদেশী পুঁজিৰে পৰিচালিত কিছুমান সংগঠনৰ কাৰ্যকলাপৰ ওপৰত অধিক নজৰ ৰখাৰ প্ৰয়োজন আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















