যি সাপৰ বিষে মানুহৰ জীৱন কাঢ়ি নিব পাৰে, সেই বিষৰ পৰাই সৃষ্টি হ’ল এনে এবিধ ঔষধ, যিয়ে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰি আহিছে। ব্ৰাজিলৰ অতি বিষাক্ত সাপৰ বিষৰ ওপৰত কৰা গৱেষণাৰ ফলতেই আৱিষ্কাৰ হৈছিল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ এক গুৰুত্বপূৰ্ণ ঔষধ কেপট’প্ৰিল (Captopril)। প্ৰকৃতিৰ এক বিপজ্জনক উপাদানক বিজ্ঞানৰ সহায়ত জীৱনদায়ী ঔষধলৈ ৰূপান্তৰিত কৰাৰ এই কাহিনী সঁচাকৈয়ে আশ্চৰ্যজনক।
সাধাৰণতে সাপৰ বিষৰ কথা শুনিলেই মানুহৰ মনলৈ ভয় আৰু মৃত্যুৰ চিন্তা আহে। কিন্তু বিজ্ঞানৰ জগতত এই বিষেই বহু সময়ত নতুন চিকিৎসা পদ্ধতিৰ সন্ধান দিছে। ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে উচ্চ ৰক্তচাপৰ চিকিৎসাত ব্যৱহৃত কেপট’প্ৰিল নামৰ ঔষধ। ১৯৬০ৰ দশকত ব্ৰাজিলৰ বিষাক্ত সাপৰ বিষৰ ওপৰত আৰম্ভ হোৱা গৱেষণাই পৰৱৰ্তী সময়ত হৃদযন্ত্ৰৰ চিকিৎসা বিজ্ঞানত এক নতুন দিশ মুকলি কৰে। ১৯৮১ চনত আমেৰিকাত কেপট’প্ৰিলৰ অনুমোদন লাভে উচ্চ ৰক্তচাপৰ চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰে।
ভয়ংকৰ সাপৰ বিষে আৰম্ভ কৰিলে নতুন চিকিৎসাৰ যাত্ৰা
দক্ষিণ আমেৰিকাৰ বিশেষকৈ ব্ৰাজিলৰ অৰণ্যত পোৱা এবিধ অতি বিষাক্ত সাপ হৈছে জাৰাৰাকা (Jararaca)। বৈজ্ঞানিকভাৱে ইয়াক ব্ৰাজিলৰ লেন্সহেড বা Bothrops jararaca বুলি জনা যায়। এই সাপৰ দংশন অত্যন্ত বিপজ্জনক। এই সাপৰ বিষে মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পিছত ৰক্তচাপ যথেষ্ট কমি যাব পাৰে। ইয়াৰ ফলত ভুক্তভোগীৰ শৰীৰ দুৰ্বল হৈ পৰে আৰু গুৰুতৰ অৱস্থাত মৃত্যু পৰ্যন্ত হ’ব পাৰে। বিজ্ঞানীসকলৰ বাবে এই বিষৰ এক বিশেষ বৈশিষ্ট্যই কৌতূহলৰ সৃষ্টি কৰিছিল। সাপৰ বিষে কেনেকৈ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ ব্যৱস্থাত প্ৰভাৱ পেলায়? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰা গৱেষণাই অৱশেষত উচ্চ ৰক্তচাপৰ চিকিৎসাৰ নতুন পথ দেখুৱাইছিল।
১৯৬৫ চনৰ ঐতিহাসিক গৱেষণা
এই আৱিষ্কাৰৰ ক্ষেত্ৰত ব্ৰাজিলৰ ঔষধবিজ্ঞানী চাৰ্জিঅ’ ফেৰেইৰা (Sérgio Ferreira)ৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। ১৯৬৫ চনত তেওঁ ব্ৰাজিলৰ লেন্সহেড সাপৰ বিষৰ ওপৰত কৰা গৱেষণাৰ ফলাফল প্ৰকাশ কৰে। তেওঁৰ গৱেষণাত সাপৰ বিষত থকা কিছুমান বিশেষ পেপটাইডৰ সন্ধান পোৱা যায়। এই পেপটাইডসমূহে ব্ৰেডাইকিনিন (Bradykinin) নামৰ শৰীৰত স্বাভাৱিকভাৱে উৎপন্ন হোৱা পদাৰ্থৰ প্ৰভাৱ বৃদ্ধি কৰে। ব্ৰেডাইকিনিনে ৰক্তবাহী নলী বহল কৰাত সহায় কৰে। ৰক্তবাহী নলী বহল হ’লে তেজৰ চলাচল সহজ হয় আৰু ৰক্তচাপ কমিব পাৰে। ফেৰেইৰাৰ গৱেষণাত এই বিশেষ পেপটাইডসমূহক ব্ৰেডাইকিনিন-পটেনচিয়েটিং পেপটাইড (Bradykinin-Potentiating Peptides বা BPPs) বুলি চিনাক্ত কৰা হৈছিল। এই আৱিষ্কাৰে বিজ্ঞানীসকলক ৰক্তচাপ নিয়ন্ত্ৰণৰ এক নতুন জৈৱিক পদ্ধতিৰ সন্ধান দিছিল।
উচ্চ ৰক্তচাপৰ চিকিৎসাত কেপট’প্ৰিল কিয় গুৰুত্বপূৰ্ণ?
উচ্চ ৰক্তচাপক ‘ছাইলেণ্ট কিলাৰ’ অৰ্থাৎ নীৰৱ ঘাতক বুলি কোৱা হয়। কাৰণ, বহু ক্ষেত্ৰত এই ৰোগৰ স্পষ্ট লক্ষণ দেখা নাযায়। কিন্তু দীৰ্ঘদিন ধৰি ৰক্তচাপ বৃদ্ধি হৈ থাকিলে হৃদযন্ত্ৰ, মগজু আৰু বৃক্কৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। কেপট’প্ৰিলৰ দৰে ACE ইনহিবিটৰ ঔষধে ৰক্তচাপ নিয়ন্ত্ৰণৰ এক নতুন পদ্ধতি প্ৰদান কৰিছিল। এই ঔষধে—ৰক্তবাহী নলী বহল কৰাত সহায় কৰে, ৰক্তচাপ হ্ৰাস কৰে, হৃদযন্ত্ৰৰ ওপৰত পৰা অতিৰিক্ত চাপ কমায়, কিছুমান হৃদযন্ত্ৰৰ বিকলতা আৰু বৃক্কৰ ৰোগৰ চিকিৎসাত সহায় কৰে। অৱশ্যে সকলো ৰোগীৰ বাবে এই ঔষধ উপযুক্ত নহয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ইয়াক গ্ৰহণ কৰিব লাগে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















