ঘনকান্তৰ এনকাউণ্টাৰৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে তেওঁৰ পত্নীয়ে। ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰি একাধিক বিস্ফোৰক মন্তব্য কৰিছে তেওঁ। পত্নীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামীক নিশাৰ ভাগত জে’লৰ পৰা শিৱসাগৰলৈ নি এনকাউণ্টাৰ কৰা হৈছিল। আনকি এনকাউণ্টাৰ হোৱাৰ পিছতো প্ৰশাসনে ঘনকান্তৰ পত্নীক জনোৱা নাছিল বুলি মন্তব্য কৰে।
‘আৰক্ষীয়ে ঘনকান্ত গগৈক নিজৰ পক্ষৰ কথা কোৱাৰ সুযোগেই নিদিলে। কোনো ধৰণৰ সঠিক তদন্ত নকৰাকৈ তেওঁৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ গোচৰ জাপি দিয়া হৈছিল বুলি’ অভিযোগ উত্থাপন কৰে ঘনকান্তৰ পত্নীয়ে। আৰক্ষীৰ এই কাৰ্যক একপক্ষীয় বুলি অভিহিত কৰি তেওঁ প্ৰশ্ন কৰে, আদালতে জে’ললৈ পঠিওৱা মানুহজনক আৰক্ষীয়ে কেনেকৈ জে’লৰ পৰা উলিয়াই আনিলে?
ঘনকান্তৰ পত্নীয়ে লগতে কয় যে, তেওঁৰ স্বামীয়ে আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণ কৰা লোক এজনে কিয় পলাবলৈ চেষ্টা কৰিব। তেনেক্ষেত্ৰত তেওঁক এনকাউণ্টাৰ কৰাৰ প্ৰয়োজন ক’ত আছিল? যদি তেওঁৰ স্বামী সঁচাকৈয়ে দোষী আছিল, তেন্তে আদালতে চৰম শাস্তি দিলেও তেওঁলোকে মানি ল’লেহেঁতেন। কিন্তু আৰক্ষীয়ে এনেদৰে হত্যা কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে তেওঁ।
আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ। তেওঁ লগতে কয় যে, আৰক্ষীয়ে কোনো গাফিলতি কৰা নাছিল বুলি দাবী কৰিলেও ঘটনাটোৰ ক্ষেত্ৰত একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেন অনুভ হৈছে। যদি কিবা জানিবলগীয়া আছিল, তেন্তে তেওঁৰ স্বামীৰ অধিবক্তাৰ সৈতে কথা পাতিব লাগিছিল বুলিও মন্তব্য কৰে পত্নীগৰাকীয়ে। ইফালে, তেওঁ পলাই থকা বুলি চলোৱা অপপ্ৰচাৰকো সম্পূৰ্ণ মিছা বুলি অভিহিত কৰে ঘনকান্তৰ পত্নীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















