পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ বাবে সন্তানক মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰা অথবা নতুন চাইকেল উপহাৰ দিয়াৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ। কিন্তু পশ্চিমবংগৰ এগৰাকী ব্যৱসায়ীয়ে নিজৰ পুত্ৰৰ সফলতা উদযাপন কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে, সেয়া এতিয়া সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত ভাল নম্বৰ পোৱাৰ আনন্দত পিতৃয়ে ১৫ বছৰীয়া পুত্ৰক উপহাৰ দিলে প্ৰায় ২ কোটি ৩০ লাখ টকা মূল্যৰ এখন বিলাসী BMW গাড়ী।
পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ গলছিত সংঘটিত হৈছে এই ব্যতিক্ৰমী ঘটনা। অঞ্চলটোৰ ব্যৱসায়ী ছামছুদ্দিন মিদ্দ্যাই নিজৰ পুত্ৰ তালহা মিদ্দ্যাৰ শৈক্ষিক সফলতাত আনন্দিত হৈ এই দামী উপহাৰ আগবঢ়ায়। এই ঘটনাই এতিয়া সামাজিক মাধ্যমৰ লগতে স্থানীয় অঞ্চলতো ব্যাপক চৰ্চা লাভ কৰিছে।
তালহা মিদ্দ্যা পূব বৰ্ধমানৰ শ্ৰীচৈতন্য টেকনো স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত তেওঁ সন্তোষজনক ফলাফল লাভ কৰে। পুত্ৰৰ এই সফলতাক বিশেষভাৱে উদযাপন কৰিবলৈ পিতৃ ছামছুদ্দিনে এখন বিলাসী গাড়ী উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পুত্ৰৰ বহুদিনীয়া ইচ্ছা পূৰণ কৰাৰ উদ্দেশ্যে ব্যৱসায়ীগৰাকীয়ে ক্ৰয় কৰে BMW M4 Competition মডেলৰ এখন গাড়ী। গাড়ীখনৰ মূল্য প্ৰায় ২ কোটি ৩০ লাখ টকা বুলি জানিব পৰা গৈছে। গাড়ীখন ক্ৰয় কৰিবলৈ তেওঁ মুম্বাইৰ আন্ধেৰীস্থিত BMWৰ এখন নামী শ্ব’ৰুমলৈ গৈছিল। বিশেষ ৰঙৰ এই বিলাসী গাড়ীখন শুকুৰবাৰে এটা বিশেষ কণ্টেইনাৰৰ জৰিয়তে গলছিলৈ অনা হয়। পছন্দৰ গাড়ীখন লাভ কৰাৰ পাছত পিতৃ আৰু পুত্ৰ দুয়োৰে আনন্দৰ সীমা নোহোৱা হয়।
ছামছুদ্দিন মিদ্দ্যা কেৱল এজন ব্যৱসায়ীয়েই নহয়, তেওঁ গলছিৰ এগৰাকী প্ৰতিষ্ঠিত উদ্যোগপতি হিচাপেও পৰিচিত। তেওঁৰ অধীনত অঞ্চলটোত চাৰিটা ৰাইচ মিল আছে। ইয়াৰ উপৰি চীন আৰু ভিয়েটনামলৈ চাউল ৰপ্তানি কৰাৰ ব্যৱসায়ৰ সৈতেও তেওঁ জড়িত। ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে বিলাসী গাড়ীৰ প্ৰতিও তেওঁৰ আছে বিশেষ আকৰ্ষণ। তেওঁৰ ব্যক্তিগত গেৰেজত ইতিমধ্যে ৰেঞ্জ ৰ’ভাৰ, ভলভ’, মহিন্দ্ৰা থাৰ আৰু হুণ্ডাই এলকাজাৰৰ দৰে কেইবাখনো দামী গাড়ী আছে।
গাড়ীৰ নম্বৰ প্লেটৰ ক্ষেত্ৰতো ব্যৱসায়ীগৰাকীৰ এক বিশেষ পছন্দ আছে। তেওঁৰ একাধিক গাড়ীৰ নম্বৰ প্লেটৰ শেষৰ তিনিটা সংখ্যা হৈছে ‘৫৫৫’। বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ গাড়ীৰ নম্বৰৰ সৈতে এই সংখ্যাৰ মিল থকাৰ বাবেই সংখ্যাটোৰ প্ৰতি তেওঁৰ বিশেষ দুৰ্বলতা আছে বুলি জানিব পৰা গৈছে।
নাবালক পুত্ৰক গাড়ী উপহাৰ, কিন্তু চলাব কোনে?
২ কোটি ৩০ লাখ টকাৰ BMW গাড়ীখন উপহাৰ হিচাপে লাভ কৰিলেও তালহা মিদ্দ্যাৰ বয়স মাত্ৰ ১৫ বছৰ। অৰ্থাৎ, তেওঁ এতিয়াও ভাৰতত গাড়ী চলোৱাৰ বৈধ অনুজ্ঞাপত্ৰ লাভ কৰিব পৰা বয়সত উপনীত হোৱা নাই। এই বিষয়টোক লৈও এতিয়া চৰ্চা আৰম্ভ হৈছে। তালহাই জানিবলৈ দিয়া মতে, সপ্তাহত এদিন তেওঁ পিতৃৰ সৈতে নতুন গাড়ীখনত ফুৰিবলৈ যাব। সেই সময়ত গাড়ীখন পিতৃ ছামছুদ্দিনেই চলাব আৰু তালহা কাষৰ আসনত বহিব।
ব্যতিক্ৰমী উপহাৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া
পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ বাবে পুত্ৰক কোটি টকীয়া গাড়ী উপহাৰ দিয়াৰ ঘটনাই একাংশ লোকৰ মাজত আনন্দ আৰু বিস্ময়ৰ সৃষ্টি কৰিছে। আনহাতে, মাত্ৰ ১৫ বছৰীয়া এগৰাকী নাবালকক ইমান দামী গাড়ী উপহাৰ দিয়াৰ সিদ্ধান্তক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণতে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰা সন্তানক পিতৃ-মাতৃয়ে উৎসাহিত কৰিবলৈ বিভিন্ন উপহাৰ আগবঢ়ায়। কিন্তু গলছিৰ ব্যৱসায়ী ছামছুদ্দিন মিদ্দ্যাৰ এই উপহাৰ আন সকলো উপহাৰতকৈ বহু পৃথক। নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ ফলাফলৰ বিনিময়ত ২.৩০ কোটি টকীয়া BMW লাভ কৰা ১৫ বছৰীয়া তালহা মিদ্দ্যাৰ ঘটনাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















