দেশৰ কৰ্মসংস্থাপনৰ বিষয়ে ভাল খবৰ। চলিত বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত (জুলাইৰ পৰা ছেপ্টেম্বৰলৈ) ভাৰতত নিবনুৱাৰ হাৰ ৫.১ শতাংশলৈ হ্ৰাস পাইছে। বিগত এপ্ৰিল-জুন ত্ৰৈমাসিকত এই হাৰ আছিল ৫.৪ শতাংশ। মূলতঃ গ্ৰামাঞ্চলৰ কৰ্মসংস্থাপনৰ পৰিস্থিতি উন্নত হোৱাৰ বাবেই নিবনুৱাৰ হাৰ হ্ৰাস পাইছে। কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণো বৃদ্ধি পাইছে। কিন্তু চহৰ অঞ্চলত নিবনুৱাৰ হাৰ সামান্য বৃদ্ধি পাইছে।
গ্ৰামাঞ্চলত কমিছে নিবনুৱা সমস্যা
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ শেহতীয়া সময়কালীন শ্ৰমিক শক্তি জৰীপ (পিএলএফএছ)ৰ প্ৰতিবেদন অনুসৰি গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ৪.৮ শতাংশৰ পৰা জুলাই-ছেপ্টেম্বৰ মাহত ৪.৩ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে, চহৰ অঞ্চলত পৰিস্থিতি সামান্য ওলোটা হৈ পৰিছে। তাত নিবনুৱাৰ হাৰ ৬.৭ শতাংশৰ পৰা ৬.৮ শতাংশলৈ বৃদ্ধি পাইছে। অৰ্থাৎ দেশৰ সামগ্ৰিক নিবনুৱাৰ হাৰ কমিছে যদিও চহৰ অঞ্চলৰ নিয়োগ সমস্যা এতিয়াও চিন্তাৰ কাৰণ হৈ পৰিছে।
কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি
মহিলাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো ইতিবাচক লক্ষণ দেখা গৈছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ৩৪.৭ শতাংশলৈ বৃদ্ধি পাইছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত এই হাৰ আছিল ৩৩.২ শতাংশ। তদুপৰি দেশত ১৫ বছৰ আৰু তাৰ ওপৰৰ জনসংখ্যাৰ নিয়োগ অনুপাত (WPR) ৫১.৭ শতাংশৰ পৰা ৫২.৭ শতাংশলৈ বৃদ্ধি পাইছে। অৰ্থাৎ কৰ্মবয়সীয়া জনসংখ্যাত শ্ৰমিকৰ অনুপাতো বৃদ্ধি পাইছে।
কৃষিক্ষেত্ৰত কৰ্মসংস্থাপন বৃদ্ধি
গ্ৰামাঞ্চলত কৃষি কৰ্মত কাম কৰা লোকৰ অনুপাতো বৃদ্ধি পাইছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত এই হাৰ আছিল ৫২.৯ শতাংশ। জুলাই-ছেপ্টেম্বৰ মাহত ৫৬.৭ শতাংশলৈ বৃদ্ধি পাইছে। একে সময়তে গ্ৰামাঞ্চলত স্বনিয়োজিত বা স্বাৱলম্বী শ্ৰমিকৰ অনুপাত ৬২.৭ শতাংশলৈ বৃদ্ধি পায়। আনহাতে দৈনিক মজুৰি বা অস্থায়ী ভিত্তিত কাম কৰা শ্ৰমিকৰ অনুপাত হ্ৰাস পাইছে। গ্ৰামাঞ্চলত এই হাৰ ২২.৫ শতাংশৰ পৰা ২১.৭ শতাংশলৈ হ্ৰাস পাইছে। চহৰ অঞ্চলত ১১.১ শতাংশৰ পৰা ১০.৭ শতাংশলৈ হ্ৰাস পাইছে।
অধিক লোকে কাম বিচাৰিছে
সমীক্ষা অনুসৰি ১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ মাজত শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰ (এল এফ পি আৰ) পূৰ্বৰ ত্ৰৈমাসিকত ৫৪.৬ শতাংশৰ তুলনাত ৫৫.৫ শতাংশলৈ বৃদ্ধি পাইছে। অৰ্থাৎ পূৰ্বতকৈ অধিক লোকে হয় কাম কৰি আছে নহয় কাম বিচাৰিছে। গ্ৰামাঞ্চলত এই হাৰ ৫৬.৯ শতাংশৰ পৰা ৫৮.১ শতাংশলৈ বৃদ্ধি পাইছে। নগৰ অঞ্চলতো সামান্য উন্নতি ঘটিছিল। তাত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ৫০.২ শতাংশৰ পৰা ৫০.৪ শতাংশলৈ বৃদ্ধি পায়। সামগ্ৰিকভাৱে দেশত নিবনুৱাৰ হাৰ হ্ৰাস পোৱা আৰু কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পোৱাটো ইতিবাচক লক্ষণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















