উত্তৰ প্ৰদেশৰ নিধৌলি কলনত সুৰা সেৱনৰ পিছতে সন্দেহজনক পৰিস্থিতিত তিনিজন যুৱকৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেলগে সুৰা সেৱন কৰাৰ কিছু সময়ৰ পিছতে যুৱক তিনিজনৰ স্বাস্থ্যৰ অৱনতি ঘটে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তিনিওজনকে মৃত ঘোষণা কৰে। যুৱককেইজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে ম্যাদ উকলি যোৱা সুৰা সেৱনৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উত্তৰ প্ৰদেশৰ ইটাৰ নিধৌলি কলন অঞ্চলৰ কিশোৰপুৰ গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। নিহত যুৱক তিনিজন হৈছে অজিত (১৮), জিতু (২১) আৰু শিৱ কুমাৰ (১৯)। প্ৰাপ্ত তথ্য অনুসৰি, যুৱক তিনিজনে গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ওচৰত একেলগে সুৰা সেৱন কৰিছিল। সুৰা সেৱন কৰাৰ কিছু সময়ৰ পিছতে তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ হঠাৎ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তিনিওজন যুৱক অসুস্থ হৈ পৰা দেখি পৰিয়ালৰ লোকসকলে আতংকিত হৈ পৰে। পৰিয়ালৰ লোকে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে যুৱক তিনিজনক মৃত ঘোষণা কৰে। একে সময়তে তিনিজন যুৱকৰ মৃত্যুৰ খবৰে গাঁওখনত শোকৰ ছাঁ পেলায়।
ম্যাদ উকলা সুৰা সেৱনৰ অভিযোগ
যুৱক তিনিজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে সুৰাৰ গুণগত মানক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ দাবী অনুসৰি, যুৱককেইজনে ম্যাদ উকলি যোৱা সুৰা সেৱন কৰিছিল। ইয়াৰ ফলতেই তেওঁলোকৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটি মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।
অৱশ্যে সুৰাৰ ম্যাদ উকলি গৈছিল নে ইয়াত কোনো বিষাক্ত পদাৰ্থ মিহলি আছিল, সেই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। সেয়েহে সুৰা সেৱনৰ ফলতেই যুৱক তিনিজনৰ মৃত্যু হৈছে নে আন কোনো কাৰণ ইয়াৰ সৈতে জড়িত, সেই বিষয়ে তদন্তৰ পিছতহে স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















