আজি ১২ নৱেম্বৰত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প। ফলত আজি পেট্ৰ’ল আৰু ডিজেল ভৰাবলৈ পাম্পলৈ যোৱা গ্ৰাহকে সমস্যাৰ সন্মুখীন হ’ব পাৰে। আজি পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ কামৰূপ এলেকাৰ সকলো পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বন্ধৰ ফলত কামৰূপ জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ পেট্ৰ’ল পাম্পো প্ৰভাৱিত হ’ব।
নর্থ-ইষ্ট পেট্ৰ’ল পাম্প ডিলাৰ এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাই এই বন্ধৰ ঘোষণা কৰিছে। অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ডিলাৰ সন্থাই প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
ডিলাৰ সন্থাৰ এই সিদ্ধান্তৰ ফলত বৃহত্তৰ কামৰূপ অঞ্চলত ব্যক্তিগত বাহনৰ গৰাকী, বাণিজ্যিক বাহন আৰু দৈনন্দিন যাতায়াতৰ বাবে পেট্ৰ’ল-ডিজেলৰ ওপৰত নিৰ্ভৰশীল লোকসকল অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
সেয়েহে, বাহনৰ গৰাকীসকলক ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈকে পেট্ৰ’ল পাম্প বন্ধ থকাৰ বিষয়টো মনত ৰাখি নিজৰ যাত্ৰা আৰু বাহনৰ ইন্ধনৰ ব্যৱস্থা আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আহ্বান জনোৱা হৈছে।
উল্লেখযোগ্য যে, ডিলাৰ সন্থাৰ OMCৰ বিৰুদ্ধে প্ৰতিবাদৰ আঁৰৰ নিৰ্দিষ্ট দাবীসমূহ প্ৰদান কৰা তথ্যত উল্লেখ নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















