মুছলমান সমাজৰ ওপৰত অত্যাচাৰ, আৰ্থিকভাৱে পংগু কৰাৰ ষড়যন্ত্ৰ আৰু জনপ্ৰতিনিধিসকলৰ নীৰৱতাৰ অভিযোগেৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে হাফিজ ইলিয়াছ হুছেইন আনছাৰীয়ে। তেওঁ এই সন্দৰ্ভত কয় যে, মুছলমান সমাজক জানি-বুজি শেষ কৰাৰ পৰিকল্পনা কৰা হৈছে। শীতল মস্তিষ্কৰে মুছলমানক লক্ষ্য কৰি অত্যাচাৰ চলোৱা হৈছে আৰু এইদৰে সংখ্যালঘু সমাজখনক আৰ্থিকভাৱে দুৰ্বল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।
ইলিয়াছ হুছেইন আনছাৰীৰ অভিযোগ অনুসৰি, মুছলমানৰ ওপৰত চলি থকা অত্যাচাৰৰ জৰিয়তে সংবিধানৰ নীতি-নিয়ম উলংঘা কৰা হৈছে। কিন্তু ইমানবোৰ সমস্যা আৰু অন্যায়ৰ সন্মুখীন হোৱাৰ পাছতো মুছলমান সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে কোনো জনপ্ৰতিনিধিয়ে যথাযথভাৱে আগবাঢ়ি অহা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।
তেওঁৰ মতে, মুছলমানৰ ভোটৰ জৰিয়তেই মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছে, চৰকাৰ গঠন হৈছে। মুছলমানৰ ভোটৰ বলতেই বহু নেতা বিধায়ক আৰু সাংসদৰ আসনত অধিষ্ঠিত হৈছে। অথচ নিৰ্বাচনৰ সময়ত মুছলমানৰ ভোট বিচৰা এই জনপ্ৰতিনিধিসকলে সমাজখনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূমিকা পালন কৰা নাই বুলি তেওঁ অভিযোগ কৰে।
ইলিয়াছ হুছেইন আনছাৰীয়ে মুছলমান সমাজক সতৰ্ক কৰি কয় যে, ৰাজনৈতিক নেতাসকলৰ প্ৰকৃত উদ্দেশ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। তেওঁৰ ভাষাত, মুছলমানে বুজি পাব লাগিব যে কিছুমান ৰাজনৈতিক শক্তি পানীৰ তলৰ কাঁইটৰ দৰে। বাহিৰৰ পৰা সহায়ৰ আশ্বাস দিলেও ভিতৰি ভিতৰি সমাজখনৰ ক্ষতি কৰিব পাৰে।
তেওঁ লগতে কয় যে, মুছলমান সমাজে নিজৰ অধিকাৰ আৰু ন্যায়ৰ বাবে নিজেই মাত মাতিব লাগিব। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু নিজৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবলৈ সমাজখন ঐক্যবদ্ধ হোৱাটো অত্যন্ত জৰুৰী। তেওঁৰ মতে, মুছলমান সমাজক দুৰ্বল আৰু পংগু অৱস্থাত ৰাখিবলৈ কিছুমান জনপ্ৰতিনিধিয়ে বিচাৰে। সেয়েহে কেৱল ৰাজনৈতিক নেতাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে নহ’ব। নিজৰ অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে মুছলমান সমাজে সচেতন আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগিব।
শেষত ক্ষোভ প্ৰকাশ কৰি ইলিয়াছ হুছেইন আনছাৰীয়ে মুছলমান সমাজক উদ্দেশ্যি আহ্বান জনায় যে, এতিয়া আৰু গোলাম হৈ থকাৰ সময় নহয়। নিজৰ অধিকাৰ আৰু আত্মমৰ্যাদা প্ৰতিষ্ঠা কৰি গোলামৰ পৰা বাদশ্বাহ হোৱাৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। মুছলমান সমাজৰ ৰাজনৈতিক সচেতনতা, ঐক্য আৰু নিজৰ অধিকাৰৰ বাবে সংগ্ৰামৰ প্ৰয়োজনীয়তাক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীৰ এই বক্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















