এম এছ ধোনীক লৈ ক্ৰিকেট জগতত সময়ে সময়ে বিভিন্ন চৰ্চা চলি থাকে। তেওঁৰ অধিনায়কত্ব, খেলৰ কৌশল আৰু শান্ত স্বভাৱৰ বাবে বিশ্বজুৰি অসংখ্য অনুৰাগী আছে। কিন্তু এইবাৰ ধোনীক গালি-গালাজ কৰা এজন খেলুৱৈক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাৰ এটা পুৰণি ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।
উল্লেখযোগ্য যে ১৭ নৱেম্বৰত বিয়লি ২:৫০ বজাত এম এছ ধোনীয়ে আই পি এলৰ পৰা অৱসৰ ঘোষণা কৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে (CSK) পাঁচবাৰ আই পি এলৰ খিতাপ অৰ্জন কৰিছে। তেওঁৰ নেতৃত্ব দিয়াৰ দক্ষতা আৰু কঠিন পৰিস্থিতিতো শান্ত হৈ থকাৰ ক্ষমতাই তেওঁক ক্ৰিকেট জগতৰ অন্যতম সফল অধিনায়ক হিচাপে প্ৰতিষ্ঠা কৰিছে। কিন্তু ইমান জনপ্ৰিয় এগৰাকী খেলুৱৈক কোনো সতীৰ্থই গালি-গালাজ কৰিছিল নেকি? আকাশ চোপ্ৰাৰ ভাইৰেল ভিডিঅ’টোৱে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ধোনীক কোনে গালি-গালাজ কৰিছিল?
আকাশ চোপ্ৰাৰ ভাইৰেল ভিডিঅ’ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল ২০২৩ চনৰ আই পি এলত। সেইবাৰ চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰিছিল। আকাশ চোপ্ৰাই ভিডিঅ’টোত উল্লেখ কৰা মতে, CSKৰ এজন খেলুৱৈয়ে ধোনীক গালি-গালাজ কৰিছিল। এই ঘটনাৰ পিছত দলৰ এজন সদস্যই ধোনীক সেই খেলুৱৈজনক দলৰ পৰা আঁতৰাই দিয়াৰ পৰামৰ্শও দিছিল।
কিন্তু ধোনীয়ে তেনে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে খেলুৱৈজনৰ প্ৰদৰ্শন আৰু দলৰ বাবে তেওঁৰ অৱদানক গুৰুত্ব দিছিল। খেলপথাৰত খেলুৱৈজনৰ প্ৰদৰ্শন ভাল হোৱা বাবে ধোনীয়ে তেওঁক দলত ৰাখিবলৈ সিদ্ধান্ত লৈছিল বুলি আকাশ চোপ্ৰাই নিজৰ ভিডিঅ’টোত প্ৰকাশ কৰিছে।
ছ’চিয়েল মিডিয়াত চৰ্চাত আকাশ সিঙৰ নাম
আকাশ চোপ্ৰাই তেওঁৰ ভিডিঅ’টোত ধোনীক গালি-গালাজ কৰা খেলুৱৈজনৰ নাম স্পষ্টকৈ উল্লেখ কৰা নাই। অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত এজন বিশেষ খেলুৱৈৰ নাম চৰ্চালৈ আহিছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা বিভিন্ন চৰ্চা অনুসৰি, এই খেলুৱৈজন আকাশ সিং বুলি অনুমান কৰা হৈছে। তেওঁ ২০২৩ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল।
অৱশ্যে এই দাবীৰ কোনো নিশ্চিত প্ৰমাণ পোৱা হোৱা নাই। এই প্ৰতিবেদনতো আমি আকাশ সিঙেই ধোনীক গালি-গালাজ কৰা সেই খেলুৱৈজন বুলি নিশ্চিত কৰা নাই। সেয়েহে কেৱল ছ’চিয়েল মিডিয়াৰ চৰ্চাৰ ভিত্তিত তেওঁক এই ঘটনাৰ সৈতে জড়িত বুলি কোৱাটো উচিত নহ’ব।
কোন এই আকাশ সিং?
আকাশ সিং এগৰাকী ভাৰতীয় বাওঁহতীয়া বেগী বলাৰ। ২০২১ চনত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ IPLত অভিষেক ঘটাইছিল। পৰৱৰ্তী সময়ত ২০২৩ চনত তেওঁ চেন্নাই ছুপাৰ কিংছত যোগদান কৰে। ২০২৩ চনৰ IPLত CSKৰ হৈ আকাশ সিঙে মুঠ ৬খন মেচ খেলি ৫টা উইকেট দখল কৰিছিল। অৱশ্যে সেই ছিজনৰ পিছতে চেন্নাই ছুপাৰ কিংছে তেওঁক দলৰ পৰা মুকলি কৰি দিয়ে। CSKৰ পৰা মুক্তি পোৱাৰ পিছত ২০২৪ চনৰ আই পি এলত তেওঁ খেলাৰ সুযোগ লাভ কৰা নাছিল। পৰৱৰ্তী দুটা ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলিছিল আকাশ সিঙে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















