বলীউডৰ জনপ্ৰিয় অভিনেতা শৰদ কাপুৰৰ শেহতীয়া জীৱনৰ অৱস্থাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। এসময়ত ৰূপালী পৰ্দাত অভিনয়েৰে দৰ্শকৰ মন জয় কৰা অভিনেতাগৰাকীৰ বৰ্তমানৰ জীৱন অত্যন্ত দুৰৱস্থাৰ মাজেৰে পাৰ হৈছে। আনকি বিগত দুবছৰ ধৰি তেওঁ গা ধোৱা নাছিল আৰু বিচনাৰ পৰাও নামি অহা নাছিল বুলি দাবী কৰিছে তেওঁৰ বন্ধু তথা স্বঘোষিত অভিভাৱক হেমা চৌধাৰীয়ে।
শেহতীয়াকৈ ‘বলীউড কাট আনকাট’ নামৰ এটা প’ডকাষ্টত অংশগ্ৰহণ কৰি হেমা চৌধাৰীয়ে শৰদ কাপুৰৰ জীৱনৰ এনে কিছুমান কথা প্ৰকাশ কৰিছে, যিবোৰে সকলোকে আচৰিত কৰি তুলিছে। হেমা চৌধাৰীয়ে মুম্বাইত ‘বেজুবান ট্ৰাষ্ট’ নামৰ এটা কুকুৰ উদ্ধাৰকাৰী সংস্থা পৰিচালনা কৰে। এদিন এটা অট্টালিকাত কুকুৰ উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁ শৰদ কাপুৰৰ সৈতে চিনাকি হয়। সেই সময়ত অভিনেতাগৰাকীৰ বাসগৃহৰ অৱস্থা দেখি তেওঁ হতবাক হৈ পৰিছিল। আনকি শৰদৰ কোঠাৰ এটা ভিডিঅ’ও তেওঁ শ্বেয়াৰ কৰিছে, য’ত অভিনেতাগৰাকীৰ জীৱন-যাপনৰ অতি শোচনীয় ছবি এখন দেখা গৈছে।
দুবছৰ ধৰি গা ধোৱা নাই অভিনেতাজনে!
হেমা চৌধাৰীৰ ভাষ্য অনুসৰি, শৰদ কাপুৰৰ শাৰীৰিক আৰু মানসিক অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে তেওঁক চোৱা-চিতা কৰিবলৈও কোনো নাছিল। বিগত দুবছৰ ধৰি অভিনেতাগৰাকীয়ে গা ধোৱা নাছিল। আনকি বিচনাৰ পৰাও নামি অহা নাছিল বুলি দাবী কৰে হেমাই। তেওঁ কয়, “শৰদৰ অৱস্থা প্ৰায় ৯৯ শতাংশ অৱনতি ঘটিছিল। তেওঁক চাবলৈ বা খবৰ ল’বলৈ কোনো নাছিল। তেওঁ খাইছে নে নাই, কেনেদৰে আছে, সেই কথাও সুধিবলৈ কোনো আগবাঢ়ি অহা নাছিল। এনেদৰেই তেওঁ লাহে লাহে মৃত্যুৰ দিশে আগবাঢ়িছিল।”
হেমাই লগতে কয় যে শৰদৰ অৱস্থা দেখি এনে লাগিছিল যেন কেইজনমান মানুহে তেওঁৰ মৃত্যুৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে কুকুৰ উদ্ধাৰ কৰিবলৈ যোৱাৰ বাবেই তেওঁ অভিনেতাগৰাকীৰ কাষ চাপিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ যত্ন লোৱাৰ দায়িত্ব গ্ৰহণ কৰিছিল।
ভাতৃয়েও এৰিলে, নলয় খবৰ!
শৰদ কাপুৰৰ পৰিয়ালৰ লোকৰ ভূমিকাক লৈও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হেমা চৌধাৰীয়ে। তেওঁৰ মতে, অভিনেতাগৰাকীৰ ভায়েকৰ সৈতে যোগাযোগ কৰি শৰদৰ অৱস্থাৰ কথা জনাইছিল তেওঁ। কিন্তু ভায়েকৰ পৰা বিশেষ সঁহাৰি লাভ কৰা নাছিল। হেমাই কয় যে প্ৰথমবাৰ ভায়েকৰ সৈতে কথা পাতোঁতে তেওঁ জানিবলৈ দিছিল যে শৰদে তেওঁৰ ওচৰলৈ সৰু ভায়েকক নিবলৈ আহিছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰোঁতে তেওঁ ফোনৰ উত্তৰ দিয়া নাছিল।
হেমাৰ ভাষ্য অনুসৰি, তেওঁ ভায়েকক স্পষ্টকৈ জনাইছিল যে এই সময়ত শৰদক পৰিয়ালৰ লোকৰ সহায়ৰ প্ৰয়োজন। তথাপি কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাছিল। অৱশ্যে ইয়াৰ আঁৰত সম্পত্তি সম্পৰ্কীয় কোনো বিবাদ আছিল নেকি, সেয়া নিশ্চিত নহয় বুলিও তেওঁ উল্লেখ কৰে।
ক’ত আছে শৰদ কাপুৰৰ পৰিয়াল?
অভিনেতাগৰাকীৰ ব্যক্তিগত জীৱন সন্দৰ্ভতো কেইবাটাও কথা প্ৰকাশ কৰিছে হেমা চৌধাৰীয়ে। তেওঁৰ মতে, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ নাতিনী কয়েল বসুৰ সৈতে শৰদ কাপুৰৰ এসময়ত বাগ্দান হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দুয়োৰে বিৱাহ সম্পন্ন নহ’ল। হেমাই লগতে জানিবলৈ দিয়ে যে শৰদৰ এগৰাকী প্ৰেমিকা আছে। কিন্তু বৰ্তমানৰ পৰিস্থিতিত তেওঁ অভিনেতাগৰাকীৰ সম্পূৰ্ণ যত্ন ল’বলৈ সক্ষম নহয়। আনহাতে, শৰদৰ সন্তান আছে নে নাই, সেই সন্দৰ্ভতো বিভিন্ন চৰ্চা চলি আহিছে। অৱশ্যে এই বিষয়ত অভিনেতাগৰাকীয়ে এতিয়ালৈকে তেওঁক ৰাজহুৱাকৈ কথা কোৱাৰ অনুমতি দিয়া নাই বুলি স্পষ্ট কৰে হেমাই।
বলীউডৰ অভিনেতাজনক সহায় কৰিবলৈ আহ্বান
এসময়ত বলীউডৰ ছবিত অভিনয় কৰি পৰিচিতি লাভ কৰা শৰদ কাপুৰৰ এনে অৱস্থাই এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। বিশেষকৈ ছবি জগতৰ সৈতে জড়িত লোকসকলৰ মাজত মানৱীয়তাৰ দৃষ্টিৰে অভিনেতাগৰাকীৰ কাষত থিয় দিয়াৰ আহ্বান জনাইছে হেমা চৌধাৰীয়ে। তেওঁৰ মতে, সময়মতে সহায় লাভ নকৰিলে শৰদ কাপুৰৰ জীৱনলৈ অধিক ভয়াৱহ বিপদ নামি আহিব পাৰিলেহেঁতেন। বৰ্তমান তেওঁ অভিনেতাগৰাকীৰ যত্ন লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
এসময়ত ৰূপালী পৰ্দাত নিজৰ অভিনয়েৰে পৰিচিতি লাভ কৰা এজন অভিনেতাৰ জীৱনৰ এনে কৰুণ ছবি পোহৰলৈ অহাৰ পিছত বলিউডৰ শিল্পী সমাজে তেওঁৰ কাষত কেনেদৰে থিয় দিয়ে, সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















