ৰাজ্যত পথ সুৰক্ষাৰ নীতি-নিয়ম উলংঘা কৰা বাহন চালকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু পৰিবহণ বিভাগ। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ব্যাপক তালাচী অভিযান। জিলাই জিলাই আৰক্ষী আৰু পৰিবহণ বিভাগে চলোৱা অভিযানত ইতিমধ্যে নিয়ম উলংঘা কৰা শ শ বাইক, তিনিচকীয়া আৰু চাৰিচকীয়া বাহন জব্দ কৰা হৈছে। বহু ঠাইত হাজাৰ হাজাৰ বাহনৰ বিৰুদ্ধে চলিছে তালাচী।
তিনিচুকীয়া জিলাত এই অভিযানৰ সময়ত হেলমেট আৰু ছিটবেল্ট পৰিধান নকৰা চালকৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্দেশনা অনুসৰি, হেলমেট বা ছিটবেল্ট নিপিন্ধি বাহন চলোৱা চালকক ২৩ ঘণ্টাৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ কথাও উল্লেখ কৰা হৈছে। আনহাতে, পাঁচটাকৈ জৰিমনা বাকী থকা বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যাত্ৰীবাহী বাহনত নিৰ্ধাৰিত আসনৰ সংখ্যাতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে জিলাখনত পৰিবহণ বিভাগে নিশাৰ বাছসমূহত চলাইছে নিশ্চিদ্ৰ তালাচী। যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান-বাহনৰ নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক কৰিবলৈ এই অভিযান অব্যাহত ৰাখিছে বিভাগটোৱে।
বঙাইগাঁৱত পেট্ৰ’ল পাম্পৰ বাবেও কঠোৰ নিৰ্দেশনা
ইপিনে, বঙাইগাঁও জিলাত যান-বাহনৰ নিয়ম উলংঘা ৰোধ কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাৰ অধীনত এতিয়াৰে পৰা হেলমেট বা ছিটবেল্ট নিপিন্ধা চালকে পেট্ৰ’ল পাম্পত তেল লাভ নকৰিব। অৰ্থাৎ, হেলমেট বা ছিটবেল্ট নাই মানে তেলো নাই। জাৰি কৰা নিৰ্দেশনা অনুসৰি—
১. হেলমেট-ছিটবেল্ট অবিহনে তেল নিষিদ্ধ: হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ চালক বা পিছফালে বহা যাত্ৰীক আৰু ছিটবেল্ট নিপিন্ধা চাৰিচকীয়া বাহনৰ চালকক কোনো পেট্ৰ’ল পাম্পে তেল দিব নোৱাৰিব।
২. ভুল দিশেৰে প্ৰৱেশ নিষিদ্ধ: কোনো বাহন ভুল দিশেৰে পেট্ৰ’ল পাম্পত প্ৰৱেশ কৰিলে সেই বাহনক তেল দিয়া নহ’ব।
৩. সজাগতামূলক ব’ৰ্ড লগাব লাগিব: সকলো পেট্ৰ’ল পাম্পৰ প্ৰৱেশদ্বাৰত অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত ‘NO HELMET / SEATBELT, NO FUEL’ আৰু ‘NO CONTRA-FLOW ENTRY’ লিখা ব’ৰ্ড লগোৱাটো বাধ্যতামূলক কৰা হৈছে।
৪. CCTV কেমেৰা স্থাপন: প্ৰতিটো পেট্ৰ’ল পাম্পত DVR-সহ CCTV কেমেৰা স্থাপন কৰিব লাগিব। যাতে তেল ক্ৰয় কৰা লোক আৰু বাহনৰ নম্বৰ স্পষ্টকৈ চিনাক্ত কৰিব পৰা যায়।
৫. নিয়ম উলংঘাকাৰীৰ তথ্য সংৰক্ষণ: পেট্ৰ’ল পাম্পৰ কৰ্তৃপক্ষই নিয়ম উলংঘা কৰা লোকৰ তথ্য পৃথক ৰেজিষ্টাৰত লিপিবদ্ধ কৰিব লাগিব। এই তথ্য প্ৰতিদিনে স্থানীয় আৰক্ষী থানা বা ট্ৰেফিক শাখাক জনাব লাগিব। প্ৰয়োজন সাপেক্ষে CCTV ফুটেজো আৰক্ষী বা দণ্ডাধীশক প্ৰদান কৰিব লাগিব।
৬. CCTV ফুটেজৰ জৰিয়তে ই-চালান: হেলমেট বা ছিটবেল্ট নিপিন্ধি বাহন চলোৱাৰ দৃশ্য CCTVত ধৰা পৰিলে DTO বা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে Motor Vehicles Act, 1988 অনুসৰি ই-চালান জাৰি কৰিব পাৰিব।
৭. পেট্ৰ’ল পাম্পত আকস্মিক পৰিদৰ্শন: দণ্ডাধীশ আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে সপ্তাহত কমেও দুবাৰ পেট্ৰ’ল পাম্পসমূহত আকস্মিক পৰিদৰ্শন কৰিব লাগিব। ইয়াৰ প্ৰতিবেদন জ্যেষ্ঠ আৰক্ষী অধীক্ষকক দাখিল কৰিব লাগিব।
৮. প্ৰথম সাত দিন সজাগতা অভিযান: কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পূৰ্বে প্ৰথম সাত দিন DTO আৰু DIPRO-ৰ উদ্যোগত সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়া আৰু পেট্ৰ’ল পাম্পৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব।
৯. নিয়ম ভংগ কৰা পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে ব্যৱস্থা: নিৰ্দেশনা উলংঘা কৰি হেলমেট বা ছিটবেল্ট নিপিন্ধা চালকক তেল যোগান ধৰা পেট্ৰ’ল পাম্পৰ বিৰুদ্ধেও আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
১০. বৈধ পাৰ্মিট বাধ্যতামূলক: বৈধ পাৰ্মিট নথকা কোনো বাণিজ্যিক বা পৰিবহণ বাহন বঙাইগাঁও জিলাত চলাচল কৰিব নোৱাৰিব। DTO-য়ে বাহনৰ পাৰ্মিট পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
১১. অতিৰিক্ত যাত্ৰী আৰু সামগ্ৰী কঢ়িওৱাত নিষেধাজ্ঞা: বাহনৰ RC আৰু পাৰ্মিটত উল্লেখ কৰা নিৰ্ধাৰিত সীমাতকৈ অধিক যাত্ৰী বা সামগ্ৰী কঢ়িয়াব নোৱাৰিব।
১২. সুৰাপান কৰি বাহন চলোৱাত নিষেধাজ্ঞা: মদ বা আন নিচাজাতীয় সামগ্ৰী সেৱন কৰি বাহন চলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ বাবে DTO আৰু ট্ৰেফিক আৰক্ষীয়ে নিয়মীয়াকৈ ব্ৰেথ এনালাইজাৰৰ জৰিয়তে চালকৰ পৰীক্ষা কৰিব।
১৩. অবৈধভাৱে বাহনৰ ৰূপ সলনি কৰাত বাধা: বাহনৰ সুৰক্ষা, গঠন, শব্দ, লাইট, আসন বা এক্সহ’ষ্ট ব্যৱস্থাত প্ৰভাৱ পেলোৱা ধৰণে অবৈধ পৰিৱৰ্তন কৰি বাহন চলাব নোৱাৰিব।
১৪. বাকী থকা জৰিমনা পৰীক্ষা: বাহনৰ বিৰুদ্ধে থকা পূৰ্বৰ ই-চালান আৰু অনাদায় জৰিমনাৰ তথ্য পৰীক্ষা কৰা হ’ব। জৰিমনা বাকী থকা বাহনৰ বিৰুদ্ধে আইন অনুসৰি আটক বা জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
সামগ্ৰিকভাৱে পথ দুৰ্ঘটনা হ্ৰাস কৰা, যান-বাহনৰ নিয়ম উলংঘা ৰোধ কৰা আৰু যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি এই অভিযান চলোৱা হৈছে। সেয়ে বাহন চলোৱাৰ সময়ত হেলমেট, ছিটবেল্ট পৰিধান কৰাৰ লগতে বাহনৰ নথি-পত্ৰ, পাৰ্মিট আৰু অন্যান্য যান-বাহন সম্পৰ্কীয় নিয়ম মানি চলিবলৈ চালকসকলক আহ্বান জনোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















