উত্তৰ প্ৰদেশৰ ছামলী জিলাত সংঘটিত হৈছে এক হৃদয়বিদাৰক অগ্নিকাণ্ডৰ ঘটনা। বুধবাৰে গভীৰ নিশা বাবৰি আৰক্ষী থানাৰ অন্তৰ্গত কৈদি গাঁৱৰ এটা ঘৰত হঠাৎ জুই লাগে। এই ভয়ংকৰ অগ্নিকাণ্ডত এগৰাকী মাতৃ আৰু তেওঁৰ দুই কন্যাৰ কৰুণ মৃত্যু হয়। ঘৰৰ ভিতৰত থকা গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুই অধিক ভয়ংকৰ হৈ পৰে। ঘটনাটোৰ পিছতে সমগ্ৰ গাঁওখনতে শোকৰ ছাঁ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা প্ৰায় ১২ বজাত কৈদি গাঁৱৰ বাসিন্দা চাজিদৰ ঘৰত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত সাজিদৰ ৩২ বছৰীয়া পত্নী ছাইদা আৰু তেওঁলোকৰ দুই কন্যা ১৩ বছৰীয়া আডেন আৰু ১১ বছৰীয়া মাহিৰা ঘৰৰ ভিতৰত শুই আছিল। জুই অতি দ্ৰুতগতিত বিয়পি পৰাত তেওঁলোকে ঘৰৰ পৰা ওলাই আহিবলৈ সুযোগ নাপালে। কিছু সময়ৰ পিছতে ঘৰৰ ভিতৰত থকা এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। চিলিণ্ডাৰ বিস্ফোৰণৰ শব্দত গাঁওখনৰ লোকসকল আতংকিত হৈ পৰে।
পিতৃ আৰু দুই সন্তানৰ প্ৰাণ ৰক্ষা
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে গাঁওবাসী ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায়। ঘৰৰ আন এটা অংশত শুই থকা চাজিদ আৰু তেওঁৰ আন দুটা সন্তানক গাঁওবাসীয়ে সুকলমে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। কিন্তু ছাইদা আৰু তেওঁৰ দুই কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। অগ্নিকাণ্ডত তিনিওগৰাকীৰ কৰুণ মৃত্যু হয়। ইফালে, ঘটনাৰ খবৰ লাভ কৰি ডায়েল ১১২ৰ দল আৰু বাবৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কুমাৰ আৰক্ষীৰ দলসহ ঘটনাস্থলীত উপস্থিত হয়। গাঁওবাসীৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে বহু চেষ্টা কৰি জুই নিৰ্বাপিত কৰে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, শ্বৰ্ট চাৰ্কিটৰ ফলত ঘৰত জুই লগাৰ সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। এই ভয়ংকৰ ঘটনাত একেটা পৰিয়ালৰ মাতৃ আৰু দুই কন্যাই প্ৰাণ হেৰুওৱাত পৰিয়ালটোৰ লগতে সমগ্ৰ কৈদি গাঁও শোকত ম্ৰিয়মাণ হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















