পাকিস্তানৰ ৰাজনীতিত পুনৰ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। দেশখনৰ ৰাজনৈতিক ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন অনাৰ এক পৰিকল্পনাক লৈ এতিয়া চৰ্চা চলিছে। চৰ্চা অনুসৰি, পাকিস্তানৰ বৰ্তমানৰ চাৰিখন প্ৰদেশক ভাঙি ১২টা সৰু প্ৰশাসনিক অঞ্চলত বিভক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনা বাস্তৱায়িত হ’লে দেশখনৰ ৰাজনীতিত দশক দশক ধৰি আধিপত্য বিস্তাৰ কৰি অহা ভুট্টো আৰু শ্বৰীফ পৰিয়ালৰ ক্ষমতা যথেষ্ট হ্ৰাস পাব পাৰে।
বিশেষকৈ সিন্ধ প্ৰদেশৰ পৰা কৰাচীক পৃথক কৰাৰ প্ৰস্তাৱক লৈ পাকিস্তানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে বিলোৱাল ভুট্টোৰ নেতৃত্বাধীন পাকিস্তান পিপলছ পাৰ্টি (PPP)-এ। আনহাতে, এই পৰিকল্পনাক কেন্দ্ৰ কৰি পাকিস্তানত ৰাজনৈতিক সংঘাত আৰু উত্তেজনা বৃদ্ধি পোৱাৰ আশংকাও প্ৰকাশ কৰা হৈছে।
সিন্ধ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱক লৈ পাকিস্তানত হুলস্থুল
পাকিস্তানৰ সিন্ধ প্ৰদেশ দীৰ্ঘদিন ধৰি ভুট্টো পৰিয়ালৰ ৰাজনৈতিক দুৰ্গ হিচাপে পৰিচিত। এই প্ৰদেশত বিলোৱাল ভুট্টোৰ দল পাকিস্তান পিপলছ পাৰ্টিৰ যথেষ্ট প্ৰভাৱ আছে। সেয়েহে সিন্ধক কেইবাটাও ভাগত বিভক্ত কৰাৰ প্ৰস্তাৱে দলটোৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে।
বিশেষকৈ কৰাচীক সিন্ধৰ পৰা পৃথক কৰাৰ প্ৰস্তাৱক লৈ অধিক বিতৰ্কৰ সৃষ্টি হৈছে। কৰাচীত বসবাস কৰা পষ্টুন, পাঞ্জাবী, বেলুচকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মাজতো এই বিষয়টোক লৈ মতবিৰোধ দেখা গৈছে। একাংশই প্ৰস্তাৱটোৰ বিৰোধিতা কৰিছে। ইফালে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে প্ৰদেশ বিভাজনৰ বিষয়টোত গণভোট অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা চিন্তা কৰা বুলি জানিব পৰা গৈছে। কিন্তু সিন্ধৰ বিভিন্ন চহৰৰ মেয়ৰ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ নেতাসকলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে।
তেওঁলোকৰ মতে, কেৱল গণভোটৰ জৰিয়তে এখন প্ৰদেশ বিভক্ত কৰিব নোৱাৰি। ইয়াৰ বাবে বিধানসভাত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে প্ৰস্তাৱ গৃহীত হোৱাটো প্ৰয়োজন। উল্লেখ্য যে, কেইমাহমান পূৰ্বে সিন্ধ বিধানসভাই প্ৰদেশখন বিভাজন কৰাৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱো গৃহীত কৰিছিল।
আনহাতে, বিভাজনৰ সমৰ্থকসকলে যুক্তি দিছে যে সিন্ধৰ কৃষি ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে নতুন প্ৰশাসনিক ব্যৱস্থা প্ৰয়োজন। তেওঁলোকৰ মতে, সৰু সৰু প্ৰশাসনিক অঞ্চল গঠন কৰিলে উন্নয়নৰ কাম-কাজ অধিক সহজে পৰিচালনা কৰিব পৰা যাব।
পাকিস্তানৰ ৰাজনীতিত ভুট্টো আৰু শ্বৰীফ পৰিয়ালৰ প্ৰভাৱ বহু পুৰণি। সিন্ধ প্ৰদেশত ভুট্টো পৰিয়ালৰ ৰাজনৈতিক আধিপত্য থকাৰ বিপৰীতে পাঞ্জাব প্ৰদেশত শ্বৰীফ পৰিয়ালৰ যথেষ্ট প্ৰভাৱ আছে। চৰ্চা অনুসৰি, পাকিস্তানৰ সেনাপ্ৰধান অসীম মুনিৰে দেশখনৰ চাৰিখন প্ৰদেশক তিনিটাকৈ ভাগত বিভক্ত কৰি মুঠ ১২টা প্ৰশাসনিক অঞ্চল গঠনৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনা কাৰ্যকৰী হ’লে ভুট্টো আৰু শ্বৰীফ পৰিয়ালৰ পৰম্পৰাগত ৰাজনৈতিক শক্তিৰ ভেটি দুৰ্বল হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















