কিছুদিনৰ পৰা সোণৰ মূল্য সালসলনি হৈ আছে। এসপ্তাহ ধৰি সোণৰ মূল্য বহুখিনি হ্ৰাস পাইছে। যেতিয়া দাম বাঢ়িছিল তেতিয়া অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছিল। এতিয়া অহৰহ হ্ৰাস পাইছে। কালি সোণৰ দাম ১ লাখ ২০ হাজাৰ টকাৰ তলত আছিল। আজি আৰু অধিক হ্ৰাস পাইছে সোণৰ দাম। আজি শনিবাৰে হালধীয়া ধাতুৰ মূল্য ১ লাখ ১৪ হাজাৰলৈ হ্ৰাস পাইছে।
বিয়াৰ বতৰত সোণৰ মূল্যৰ এই বৃহৎ হ্ৰাসে মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীক স্বাভাৱিকতে সন্তুষ্ট কৰিছে। য’ত আগতে সোণৰ গহনা ডেৰ লাখৰ পৰা দুলাখ টকীয়া আছিল, এতিয়া প্ৰায় এক লাখ টকীয়া বাজেটৰ ভিতৰত সোণৰ গহনা ক্ৰয় কৰিব পৰা যাব।
সোণ অধিক সুলভ হৈ পৰাৰ লগে লগে সাধাৰণ মানুহে সোণক উপহাৰ হিচাপে দিয়াৰ কথা দুবাৰ ভাবিব নালাগিব। ক্ৰয় বৃদ্ধিত বিক্ৰেতাসকলো সুখী। যদি কোনোবাই সোণৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়া সোণালী সুযোগ। বজাৰ বিশেষজ্ঞৰ মতে সোণৰ মূল্য এক লাখ টকালৈ হ্ৰাস পাব পাৰে।
আজিকালি ১৪ কেৰেট আৰু ৯ কেৰেটৰ সোণো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। আপুনিও আপোনাৰ বাজেটৰ ভিতৰত সোণ কিনিবলৈ এই বিকল্পসমূহ বিবেচনা কৰিব পাৰে।
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজিৰ গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ (৯৯.৯% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১২,৫০৮ টকা, ২২ কেৰেট সোণৰ (৯১.৬% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১১,৪৬৫ টকা, আৰু ১৮ কেৰেট সোণৰ (৭৫% বিশুদ্ধতা) প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৯,৩৮১ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য ১৭৫ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৭৫,০০০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















