সৰু পৰ্দাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল অভিনেত্ৰীয়ে। তাৰ পিছত ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি সঁহাৰি লাভ কৰে। সেই সময়ত তেওঁৰ নামটো বলীউডৰ জনপ্ৰিয় পৰিচালক ৰোহিত শ্বেট্টীৰ সৈতে জড়িত আছিল। আনকি, তেওঁলোকৰ সম্পৰ্কই ৰোহিতৰ বিবাহিত জীৱনত বিচ্ছিন্ন পৰিস্থিতিৰ সৃষ্টি কৰা বুলিও চৰ্চা চলিছিল। ইয়াৰ পিছত ‘ৰক অন’ অভিনেত্ৰীগৰাকীক বহুদিনলৈ অভিনয় জগতত দেখা নগ’ল। ছ’চিয়েল মিডিয়াতো দেখা পোৱা নগ’ল তেওঁক। এতিয়া ছ’চিয়েল মিডিয়াত এটা পোষ্টক কেন্দ্ৰ কৰি নতুন আলোচনা আৰম্ভ হৈছে। তাত কি লিখিছিল ‘ৰক অন’ অভিনেত্ৰী প্ৰাচী দেশাই জানি লওক…
মাত্ৰ ১৭ বছৰ বয়সতে টেলিভিছনত প্ৰৱেশ কৰা প্ৰাচি দেশাই ২০০৬ চনত একতা কাপুৰৰ জনপ্ৰিয় ধাৰাবাহিক ‘কাছাম ছে’ৰ জৰিয়তে সৰু পৰ্দাত অভিষেক ঘটায়। এই ধাৰাবাহিকখনত প্ৰচিয়ে তেওঁৰ তুলনাত ১৫ বছৰ ডাঙৰ অভিনেতা ৰাম কাপুৰৰ সৈতে অভিনয় কৰিছিল। অভিনয়ৰ লগতে নৃত্যতো যথেষ্ট পাকৈত। সৰু পৰ্দাৰ লগতে ডাঙৰ পৰ্দাতো কাম কৰিছে তাই। আনকি তেওঁ ‘ঝলক দিখলা জা’ নামৰ নৃত্যৰ ৰিয়েলিটি শ্ব’তো অংশ লৈছিল। ২০০৭ চনত এই অনুষ্ঠানৰ দ্বিতীয় ছিজনৰ বিজয়ী হৈ পৰে অভিনেত্ৰীগৰাকী।
২০০৮ চনত ‘ৰক অন’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল প্ৰাচী দেশাই। তাৰ পিছত তেখেতে ‘লাইফ পাৰ্টনাৰ’, ‘আই, মে আৰু মেইন’, ‘পলিছগিৰি’, ‘আজহাৰ’, ‘ৰক অন ২’, ‘ৱান্স আপন এ টাইম ইন মুম্বাই’, ‘বল বচ্চন’ আৰু ‘তেৰী মেৰী কাহানী’ আদি ছবিত অভিনয় কৰি আহিছে।
ইণ্ডিয়া ডট কমত প্ৰকাশিত এক বাতৰি অনুসৰি ‘বল বচ্চন’ ছবিখনৰ শ্বুটিংৰ সময়ত প্ৰচি দেশাই আৰু পৰিচালক ৰোহিত শ্বেট্টীৰ মাজত ঘনিষ্ঠতা গঢ় লৈ উঠিছিল। সেই সময়ত ৰোহিতৰ বিয়া হৈছিল। খবৰ অনুসৰি তেওঁ পত্নীক এৰি বীৰৰ লগত থাকিবলৈ আৰম্ভ কৰে। অৱশ্যে এই সম্পৰ্ক বেছি দিন নাথাকিল। পিছত ৰোহিত পৰিয়াললৈ উভতি আহে। অৱশ্যে এই সম্পৰ্কৰ কোনো সবিশেষ কেতিয়াও ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















