ইৰাণত হিজাব নিপিন্ধাকৈ সংগীত পৰিৱেশন কৰাৰ বাবে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক ৭৪ বাৰকৈ লাঠিৰে কোবোৱাৰ শাস্তি প্ৰদান কৰা হৈছে। কেৱল গায়িকাগৰাকীয়েই নহয়, কনচাৰ্ট পৰিৱেশন কৰা তেওঁৰ দলৰ আন চাৰিজন সদস্যকো একেধৰণৰ শাস্তি দিয়া হৈছে। এই ঘটনাই পুনৰবাৰ ইৰাণত মহিলাৰ স্বাধীনতা আৰু পোছাক পৰিধানৰ অধিকাৰক লৈ চৰ্চাৰ সৃষ্টি কৰিছে।
শাস্তিৰ সন্মুখীন হোৱা কণ্ঠশিল্পীগৰাকী হৈছে ইৰাণৰ জনপ্ৰিয় শিল্পী পৰস্তু আহমদী। ২০২৪ চনৰ ডিচেম্বৰ মাহত হিজাব পৰিধান নকৰাকৈ তেওঁ এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানৰ ভিডিঅ’ ইউটিউবত সম্প্ৰচাৰ হোৱাৰ পিছতে ইৰাণৰ প্ৰশাসনৰ ৰোষত পৰে গায়িকাগৰাকী। পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
এই ঘটনাৰ পিছতে পৰস্তু আহমদী আৰু তেওঁৰ সংগীত দলৰ সদস্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। চলিত বছৰৰ জুন মাহত আদালতে তেওঁলোকক শাস্তি প্ৰদান কৰে। আদালতে গায়িকাগৰাকীসহ তেওঁৰ দলৰ মুঠ ১০জন সদস্যক ৭৪ বাৰকৈ কোবোৱাৰ শাস্তি বিহিছিল। লগতে দুবছৰৰ বাবে বিদেশ ভ্ৰমণ আৰু কলাত্মক কাৰ্যকলাপৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
পৰস্তু আহমদীৰ লগতে আন চাৰিজনকো শাস্তি
গায়িকাগৰাকীৰ অধিবক্তা মুস্তাফা নিলিয়ে এমটেডাদ নিউজক জনোৱা অনুসৰি, পৰস্তু আহমদীৰ লগতে তেওঁৰ সংগীত দলৰ আন চাৰিজন সদস্যকো শাস্তি প্ৰদান কৰা হৈছে। শাস্তিৰ সন্মুখীন হোৱা লোককেইজন হৈছে ছ’হেইল ফাগিহ, আমিন তাহেৰী, আমিৰালি পিৰনিয়া আৰু কনচাৰ্টৰ আয়োজক মহচেন লস্কৰী। জানিব পৰা মতে, ২৩ নৱেম্বৰত পৰস্তু আহমদী আৰু লোক চাৰিজনক এই শাস্তি দিয়া হয়। ইয়াৰ উপৰি তেওঁলোকৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা বাহাল ৰখা হৈছে।
ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল এই কনচাৰ্ট?
২০২৪ চনৰ ১১ ডিচেম্বৰত ইৰাণৰ ক’ম চহৰৰ কাৰাভানচেৰাইত এই সংগীতানুষ্ঠান অনুষ্ঠিত হৈছিল। অৱশ্যে অনুষ্ঠানটোত কোনো দৰ্শক উপস্থিত নাছিল। পৰস্তু আহমদীয়ে হিজাব অবিহনে আৰু হাতৰ আঁচল নথকা পোছাক পৰিধান কৰি সংগীত পৰিৱেশন কৰিছিল। এই অনুষ্ঠানৰ ভিডিঅ’ ইউটিউবত সম্প্ৰচাৰ কৰা হৈছিল। অতি কম সময়ৰ ভিতৰতে ভিডিঅ’টোৱে লাখ লাখ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই ভিডিঅ’টোৱেই পৰৱৰ্তী সময়ত গায়িকাগৰাকীৰ বাবে বিপদৰ কাৰণ হৈ পৰে। ইয়াৰ পিছতে ইৰাণৰ আৰক্ষীয়ে পৰস্তু আহমদীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ লগতে সংগীত দলৰ সদস্যসকলৰ বিৰুদ্ধেও অশ্লীল আৰু অনৈতিক সামগ্ৰী সৃষ্টি তথা প্ৰচাৰ কৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত হানাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
উল্লেখ্য যে, ইৰাণত মহিলাৰ বাবে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰাটো বাধ্যতামূলক। এই নিয়ম উলংঘা কৰাৰ অভিযোগত দেশখনত পূৰ্বেও বহু মহিলাই আইনী ব্যৱস্থা আৰু শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। পৰস্তু আহমদীৰ ঘটনাই পুনৰবাৰ ইৰাণৰ কঠোৰ হিজাব নীতি আৰু মহিলাৰ ব্যক্তিগত স্বাধীনতাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















