• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

25 seconds ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

1 hour ago
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

1 hour ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

1 hour ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

2 hours ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

3 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

4 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

4 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

17 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

18 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

18 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

19 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

অসমৰ বাবেও আছে ভাল খবৰ

editor by editor
November 25, 2026
in অসম, ভাৰত, ৰাজনীতি
0
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা ক্ৰেন, বুলডজাৰ, সুৰংগ নিৰ্মাণৰ যন্ত্ৰ (টানেল ব’ৰিং মেচিন)কে ধৰি বিভিন্ন গধুৰ নিৰ্মাণ সঁজুলি দেশৰ ভিতৰতে উৎপাদনৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে নিৰ্মাণ যন্ত্ৰপাতিৰ ক্ষেত্ৰত বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য লৈছে চৰকাৰে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সন্দৰ্ভত এক বৃহৎ আঁচনিত অনুমোদন জনোৱা হয়। বৈঠকত মুঠ ১৯,৯৩৪ কোটি টকাৰ পাঁচটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰে।

এই সিদ্ধান্তসমূহৰ ভিতৰত নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি দেশতে উৎপাদনৰ বাবে ১১,০০০ কোটি টকাৰ আঁচনিখন অন্যতম। ইয়াৰ উপৰি তামিলনাডুৰ কামৰাজাৰ বন্দৰত দ্বিতীয়টো কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণ, অসমৰ শিলচৰৰ ড’লুত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপন, ডাক বিভাগৰ আধুনিকীকৰণ আৰু বাগিচা ব্যৱস্থাপনাৰ বাবেও ধনৰ অনুমোদন জনোৱা হৈছে।

নিৰ্মাণ যন্ত্ৰপাতিৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্য কি?

বৰ্তমান ভাৰতত ৰাস্তা, দলং, সুৰংগ, বিমানবন্দৰ, বন্দৰ আদি আন্তঃগাঁথনিৰ নিৰ্মাণ দ্ৰুতগতিত চলি আছে। এই সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ বৃহৎ পৰিমাণৰ আধুনিক নিৰ্মাণ যন্ত্ৰপাতিৰ প্ৰয়োজন হয়। কিন্তু এইক্ষেত্ৰত ভাৰত এতিয়াও বিদেশৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। তথ্য অনুসৰি, বিগত বছৰ ভাৰতত প্ৰায় ৯৭,৫০০ কোটি টকাৰ নিৰ্মাণ যন্ত্ৰপাতি উৎপাদন হৈছিল। তথাপি দেশৰ প্ৰয়োজনীয় যন্ত্ৰপাতিৰ প্ৰায় ৪৫ শতাংশ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। বিশেষকৈ চীনৰ দৰে দেশৰ ওপৰত এইক্ষেত্ৰত ভাৰতৰ নিৰ্ভৰশীলতা আছে। সেয়ে দেশৰ ভিতৰতে এই যন্ত্ৰপাতি উৎপাদনৰ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন আঁচনিখন গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ ফলত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কমাৰ লগতে ভাৰতীয় উদ্যোগসমূহো লাভৱান হ’ব বুলি আশা কৰা হৈছে।

কি কি যন্ত্ৰপাতি ভাৰততে নিৰ্মাণ কৰা হ’ব?

নতুন আঁচনিৰ অধীনত বৰ্তমান বিদেশৰ পৰা আমদানি কৰিবলগীয়া ৭ বিধ গধুৰ যন্ত্ৰপাতিৰ উৎপাদনত বিশেষ গুৰুত্ব দিয়া হ’ব। ইয়াৰ ভিতৰত আছে— সুৰংগ নিৰ্মাণৰ বাবে ব্যৱহৃত টানেল ব’ৰিং মেচিন, অফ-হাইৱে ট্ৰাক, মাটি খন্দা এক্সকেভেটৰ, ক্ৰেন, লোডাৰ, পাইলিং ৰিগ আৰু ড্ৰিলিং মেচিন। ইয়াৰ উপৰি কেৱল সম্পূৰ্ণ যন্ত্ৰপাতি নিৰ্মাণতে সীমাবদ্ধ নাথাকি ইয়াৰ প্ৰয়োজনীয় মূল অংশসমূহো ভাৰততে উৎপাদনৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ভিতৰত ইঞ্জিন, ট্ৰেন্সমিছন, হাইড্ৰলিক ছিষ্টেম, আণ্ডাৰকেৰেজ আৰু ড্ৰাইভ ছিষ্টেম অন্যতম। এই যন্ত্ৰপাতি আৰু ইয়াৰ বিভিন্ন অংশ ভাৰততে উৎপাদন কৰা কোম্পানীসমূহক তেওঁলোকৰ বিক্ৰীৰ পৰিমাণৰ ভিত্তিত চৰকাৰে আৰ্থিক প্ৰৰোচনা প্ৰদান কৰিব।

আঁচনিখন আঠ বছৰলৈ কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে ১,০০০ কোটি টকাৰ বাজেট আবণ্টন দিছে। লগতে ভাৰতত নিৰ্মিত যন্ত্ৰপাতিৰ পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ বাবে ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যনে (ARAI) এটা বিশেষ পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিব। এই কেন্দ্ৰটোৰ বাবে ৩৭৫ কোটি টকাৰ অনুদান দিয়া হ’ব। চৰকাৰৰ আশা, এই আঁচনিৰ জৰিয়তে দেশত প্ৰায় ২১,০০০ কোটি টকাৰ নতুন বিনিয়োগ হ’ব।

কামৰাজাত নিৰ্মাণ হ’ব দ্বিতীয়টো কণ্টেইনাৰ টাৰ্মিনেল

কেন্দ্ৰীয় কেবিনেটে তামিলনাডুৰ কামৰাজাৰ বন্দৰত দ্বিতীয়টো কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণৰ বাবেও অনুমোদন জনাইছে। এই প্ৰকল্পত মুঠ ৪,২৮৮.২৬ কোটি টকা ব্যয় কৰা হ’ব। প্ৰায় ৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই টাৰ্মিনেলটো দুটা পৰ্যায়ত নিৰ্মাণ কৰা হ’ব। ইয়াৰ জৰিয়তে বছৰি প্ৰায় ২০ লাখ টিইইউ (TEU) কণ্টেইনাৰ পৰিচালনা কৰিব পৰা যাব। এই প্ৰকল্পটো ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP) আৰু DBFOT আৰ্হিৰ অধীনত ৰূপায়ণ কৰা হ’ব। অৰ্থাৎ ব্যক্তিগত প্ৰতিষ্ঠানৰ বিনিয়োগৰ জৰিয়তে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব আৰু চৰকাৰৰ ওপৰত প্ৰত্যক্ষ আৰ্থিক বোজা নপৰিব।

নতুন টাৰ্মিনেলটোৱে বৃহৎ আকাৰৰ জাহাজৰ চলাচল আৰু কণ্টেইনাৰ পৰিচালনাত সহায় কৰিব। ইয়াৰ ফলত বিদেশৰ বন্দৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ লগতে দেশৰ আমদানি-ৰপ্তানি বাণিজ্যও অধিক শক্তিশালী হ’ব। প্ৰকল্পটোৰ জৰিয়তে প্ৰায় ১,৫৫০জন লোকৰ কৰ্মসংস্থাপনৰো সম্ভাৱনা আছে।

শিলচৰৰ ড’লুত নিৰ্মাণ হ’ব নতুন গ্ৰীণফিল্ড বিমানবন্দৰ

কেন্দ্ৰীয় কেবিনেটে অসমৰ বাবেও আনিছে এটা ভাল খবৰ। অসমৰ শিলচৰৰ ড’লুত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে। এই প্ৰকল্পৰ বাবে ২,০১৪ কোটি টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছে। নতুন বিমানবন্দৰটোৱে বৰাক উপত্যকাৰ বিমান যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰস্তাৱিত বিমানবন্দৰটোৰ টাৰ্মিনেল ভৱনটো ১২,৩৫১ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰা হ’ব। ব্যস্ত সময়ত এই টাৰ্মিনেলত একেলগে ৮০০জন যাত্ৰীক সেৱা আগবঢ়াব পৰা যাব। বিমানবন্দৰটোত ২,৭০৫ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱে নিৰ্মাণ কৰা হ’ব। ইয়াত এয়াৰবাছ A-320ৰ দৰে বিমান অৱতৰণ আৰু উৰণ কৰিব পাৰিব। লগতে একেলগে ছখন বিমান ৰখাৰ সুবিধাও থাকিব। এই বিমানবন্দৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে শিলচৰৰ লগতে বৰাক উপত্যকাৰ আন অঞ্চলসমূহৰ বিমান যোগাযোগ অধিক উন্নত হ’ব। ইয়াৰ উপৰি উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ যাত্ৰীসকলেও লাভৱান হ’ব বুলি আশা কৰা হৈছে। বিশেষকৈ বাণিজ্য, কৃষিভিত্তিক উদ্যোগ আৰু পৰ্যটন খণ্ডৰ বিকাশত নতুন বিমানবন্দৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বৰাক উপত্যকাৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো ই এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি
অসম

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

November 25, 2026
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!
অপৰাধ

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

November 25, 2026
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল
জীৱনশৈলী

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

November 25, 2026
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা
বিবিধ

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

November 25, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.