দিল্লীৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে আম আদমী পাৰ্টি (AAP)ৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ ‘শীশমহল’। শুকুৰবাৰে দিল্লীৰ বিজেপি চৰকাৰে উত্তৰ দিল্লীৰ ৬ ফ্লেগষ্টাফ ৰোডত অৱস্থিত কেজৰিৱালৰ প্ৰাক্তন চৰকাৰী বাসগৃহটো সংবাদ মাধ্যমৰ লোকসকলৰ বাবে মুকলি কৰি দিয়ে। বিজেপিয়ে ‘শীশমহল’ বুলি অভিহিত কৰা এই বাসগৃহটো অতি শীঘ্ৰেই সাধাৰণ ৰাইজৰ বাবেও মুকলি কৰা হ’ব।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অৰবিন্দ কেজৰিৱালে পৰিয়ালৰ সৈতে এই বাংলোটোত বাস কৰিছিল। ২০১৫ চনৰ পৰা ২০২৪ চনৰ অক্টোবৰ মাহলৈকে তেওঁ এই বাসগৃহত আছিল। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁ বাংলোটো খালী কৰি দিয়ে। কেজৰিৱালৰ এই বাসগৃহৰ মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনৰ নামত অত্যধিক ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি, জনসাধাৰণৰ কৰৰ ধনেৰে বাসগৃহটোত বিলাসী সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছিল।
৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল
এইবাৰ দিল্লীৰ বিজেপি চৰকাৰে বাসগৃহটোত থকা বিভিন্ন সামগ্ৰী আৰু সা-সুবিধাৰ মূল্যৰ তালিকাও প্ৰদৰ্শন কৰিছে। বাসগৃহটো পৰিদৰ্শন কৰিবলৈ অহা লোকসকলে প্ৰতিটো সামগ্ৰীৰ মূল্যৰ বিষয়ে জানিব পাৰিব। প্ৰদৰ্শিত তথ্য অনুসৰি, বাসগৃহটোত থকা শৌচাগাৰ আৰু হাত ধোৱা বেছিনৰ মূল্য ৫.৮ লাখ টকা। আনহাতে, শ্লাইডিং দুৱাৰযুক্ত বৈঠকখানাৰ মূল্য দেখুওৱা হৈছে ৪১.১৬ লাখ টকা। একেদৰে, লবী এলেকাৰ মূল্য ৭.৫৮ লাখ টকা আৰু পাকঘৰত ব্যৱহৃত সামগ্ৰী কঢ়িওৱা বিশেষ লিফ্ট বা ডাম্বৱেইটাৰৰ মূল্য ৭ লাখ টকা বুলি উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰি, প্ৰায় ৩ লাখ টকা মূল্যৰ এটা টিভি আৰু ৬ লাখ টকা মূল্যৰ এখন টেবুলো প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। অৰ্থাৎ বাসগৃহটোত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আৰু সা-সুবিধাৰ মূল্যৰ জৰিয়তে বিজেপি চৰকাৰে পূৰ্বৰ চৰকাৰৰ ব্যয়ৰ বিষয়টো পুনৰ ৰাজহুৱা কৰিছে। বাতৰি অনুসৰি, বাসগৃহটো পৰিদৰ্শনৰ বাবে প্ৰৱেশ মাচুল প্ৰায় ২০ টকা নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে জ্যেষ্ঠ নাগৰিক আৰু শিক্ষাৰ্থীসকলৰ বাবে প্ৰৱেশ বিনামূলীয়া হোৱাৰ কথা জানিব পৰা গৈছে।
দিল্লীৰ মন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী পৰৱেশ বাৰ্মাই কয় যে, এই বাসগৃহটো জনসাধাৰণৰ বাবে মুকলি কৰাৰ আঁৰত চৰকাৰৰ মূল উদ্দেশ্য হৈছে স্বচ্ছতা নিশ্চিত কৰা। তেওঁৰ মতে, বাসগৃহটো নিৰ্মাণ আৰু সা-সুবিধাৰ নামত ব্যয় কৰা ধন জনসাধাৰণৰ কৰৰ পৰা সংগ্ৰহ কৰা হৈছিল। সেয়েহে সেই ধন ক’ত আৰু কেনেদৰে খৰচ কৰা হ’ল, তাৰ হিচাপ ৰাইজক জনোৱাটো চৰকাৰৰ দায়িত্ব।
বিজেপিৰ এই পদক্ষেপক সস্তীয়া ৰাজনীতি আখ্যা AAPৰ
আনহাতে, কেজৰিৱালৰ প্ৰাক্তন চৰকাৰী বাসগৃহটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ বিজেপি চৰকাৰৰ সিদ্ধান্তক সহজভাৱে লোৱা নাই আম আদমী পাৰ্টিয়ে। দলটোৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজে এই পদক্ষেপক বিজেপিৰ এক সস্তীয়া ৰাজনৈতিক কৌশল বুলি অভিহিত কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, এই সমগ্ৰ বিষয়টোৰ আঁৰত প্ৰকৃততে লাভৱান হোৱা লোকসকল হৈছে দেশৰ সংবাদ মাধ্যমৰ এক বৃহৎ অংশ নিয়ন্ত্ৰণ কৰি থকা কৰ্প’ৰেট গোষ্ঠীসমূহ।
উল্লেখ্য যে, ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা কেজৰিৱালৰ চৰকাৰী বাসগৃহৰ মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনৰ নামত বিপুল পৰিমাণৰ ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিজেপিয়ে। অৱশ্যে আম আদমী পাৰ্টিয়ে এই অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে।
এতিয়া বাসগৃহটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্তই দিল্লীৰ ৰাজনীতিত পুনৰ ‘শীশমহল’ বিতৰ্কক চৰ্চাৰ কেন্দ্ৰলৈ আনিছে। বিশেষকৈ অহা বছৰ পঞ্জাবত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ এই পদক্ষেপে ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















