বিহাৰৰ পাটনাত সংঘটিত হৈছে এক অতি মৰ্মান্তিক ঘটনা। পানীত ডুবা এটি শিশুক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে আন দুটা শিশুৱেও। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ ভাতৃ-ভগ্নীসহ মুঠ তিনিটা শিশুৰ মৃত্যু হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, শুকুৰবাৰে বিহাৰৰ পাটনা জিলাৰ বৰহৰ চান্দা গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। গাঁওখনৰ সমীপৰ গংটি পুখুৰীত গা ধুবলৈ গৈছিল তিনিওটা শিশু। সেই সময়তে এটা শিশু হঠাৎ পুখুৰীত ডুবিবলৈ ধৰে। শিশুটোক বচাবলৈ গৈ আন এটি শিশুও পানীত ডুব যায়। পৰৱৰ্তী সময়ত দুয়োকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি তৃতীয়টো শিশুও পানীত ডুব যায়।
এই দুৰ্ঘটনাত মৃত্যু হোৱা শিশুকেইটা হৈছে সোণালী কুমাৰী (৮), ৰিতেশ কুমাৰ (৭) আৰু শিৱানী কুমাৰী। ইয়াৰে সোণালী আৰু ৰিতেশ আছিল একেটা পৰিয়ালৰ ভাতৃ-ভগ্নী। তেওঁলোকৰ পিতৃৰ নাম শৈলেন্দ্ৰ সিং। আনহাতে, শিৱানী আছিল ধৰ্মেন্দ্ৰ সিং নামৰ এজন লোকৰ কন্যা।
পিতৃক পথাৰত খাদ্য দিবলৈ গৈছিল শিশুকেইটাই
পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে বিয়লি প্ৰায় ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। সেইদিনা তিনিওটা শিশুৱে পথাৰত কাম কৰি থকা নিজৰ পিতৃক খাদ্য দিবলৈ গৈছিল। খাদ্য দি ঘৰলৈ উভতি অহাৰ পথতে গাঁৱৰ সমীপৰ পুখুৰীটোত গা ধুবলৈ নামে। কিন্তু সেই সময়ত পুখুৰীৰ ওচৰত কোনো লোক উপস্থিত নাছিল। ফলত শিশুকেইটা বিপদত পৰা সময়ত তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো আগবাঢ়ি আহিব নোৱাৰিলে। কিছু সময়ৰ পিছত গাঁৱৰ মানুহে পুখুৰীত শিশুকেইটাৰ মৃ*তদেহ উটি থকা প্ৰত্যক্ষ কৰে। লগে লগে পৰিয়ালৰ লোকক খবৰ দিয়াৰ লগতে আৰক্ষীকো ঘটনাৰ বিষয়ে অৱগত কৰা হয়।
একেদিনাই তিনিটাকৈ শিশুৰ মৃ*ত্যুৰ ঘটনাই চান্দা গাঁৱত গভীৰ শোকৰ সৃষ্টি কৰিছে। বিশেষকৈ একেটা পৰিয়ালৰ ভাতৃ-ভগ্নী দুজনৰ মৃত্যুত পৰিয়ালটোৰ ওপৰত যেন আকাশ ভাগি পৰিছে। যি ঘৰখন কিছু সময় আগলৈকে শিশুৰ হাঁহি-ধেমালিৰে মুখৰিত হৈ আছিল, সেই ঘৰখনতে এতিয়া কেৱল কান্দোন আৰু হুমুনিয়াহৰ পৰিৱেশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















