মৃত্যু কেতিয়াও সহজ নহয়! কেতিয়াবা হঠাতে অহা কিছুমান খবৰে সকলোকে আচৰিত কৰি তোলে।

আজি ভ্ৰাম্যমাণ তথা অসমীয়া ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাৰ খবৰটোৱে সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে।

দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী।

কিন্তু আজি সন্ধিয়া ৬ঃ১০ বজাত মৃত্যু হয়। অৱশেষত পৰিস্থিতিৰ ওচৰত যেন হাৰ মানিলে অভিনেতাগৰাকীয়ে।

ৰূপম শৰ্মাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী।

শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















