অসম লাইভ ২৪ঃ নিয়ন্ত্ৰণলৈ আহিব বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোভিড মহামাৰী। এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ প্ৰধান টেড্ৰাচ আদানাম ঘেব্ৰেয়াচাচে সংবাদ মাধ্যমৰ আগত কয়, প্ৰয়োজনীয় সামগ্ৰীৰ বিতৰণ তথা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ জৰিয়তে আসন্ন দিনসমূহত প্ৰতিহত কৰিব পৰা যাব এই মহামাৰী। ছুইডেনৰ এক ভাৰ্চুৱেল ত অংশ লৈ ‘ভেকচিন নেচনেলিজিম’ অৰ্থাৎ ভেকচিনৰ সমবিতৰণৰ জৰিয়তেও এই ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি উল্লেখ কৰে বিশ্ব জলবায়ু পৰিবৰ্তন কৰ্মী গ্ৰেটা থানবাৰ্গে। সংবাদমেলত WHOৰ প্ৰধানে উল্লেখ কৰে যে বিশ্বজুৰি ৭ সপ্তাহ ধৰি কোভিড সংক্ৰমণ বৃদ্ধি পাইছে আৰু বিগত ৪ সপ্তাহত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বাঢ়িছে। এনে ভয়াৱহ পৰিস্থিতিত জনসাধাৰণ সজাগ হোৱাটো অতি গুৰুত্বপূৰ্ণ। সজাগতা আৰু সচেতনতাই ৰোগ প্ৰতিৰোধত সহায় কৰিব বুলিও কয় তেওঁ। প্ৰতিগৰাকী লোককে ভেকচিন ল’বলৈ আহ্বান জনাই গ্ৰেটা থানবাৰ্গে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ