গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়
মধ্যপ্ৰদেশৰ জবলপুৰৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন মণ্ডল সভাপতি অতুল চৌৰাছিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অসমৰ যুৱকতীক নি বেয়া ব্যৱসায়ত নিয়োজিত কৰাৰ অভিযোগত বৰ্তমানে আৰক্ষীয়ে আটক কৰিছে বিজেপি নেতাগৰাকীক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ধৰ্ষণ আৰু বেশ্যাবৃত্তিৰ দৰে গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেতা গৰাকী। অসমৰ এগৰাকী ৩৩ বছৰীয়া ভুক্তভোগীৰ অভিযোগৰ পিছতে পোহৰলৈ আহে এই সমস্ত ঘটনা, লগতে আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰে।
এবছৰতকৈও অধিক সময় ধৰি বলপূৰ্বকভাৱে পণবন্দী কৰি ৰাখি দেহ ব্যৱসায়ৰ দৰে ব্যৱসায়ত ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অসমৰ যুৱতীগৰাকীয়ে।
যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে হোটেলৰ মালিক আৰু যুৱতীৰ বন্ধুৱেও কেইবাবাৰো ধৰ্ষণ কৰিছিল। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতীগৰাকীৰ বন্ধুৰ সন্ধান আৰম্ভ কৰিছে।
আৰক্ষীয়ে বিজেপি নেতাগৰাকীৰ লগতে আন এগৰাকী মধুৰা ডুবে নামৰ এগৰাকী লোকক এই গোচৰত অভিযুক্ত কৰিছে। এই দুই লোকৰ কবলৰ পৰাই কোনোমতে অসমৰ যুৱতীগৰাকী পলাই গৈ আৰক্ষীৰ কাষ চাপি সমস্ত বিবৰি কোৱাতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।
যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, হোটেল মেনেজমেণ্টৰ কাম দিয়াৰ বুদ্ধিৰে হোটেললৈ নি ১ টা বছৰে ধৰি হোটেলৰ কোঠাত আৱদ্ধ কৰি ৰাখি দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰায়। লগতে হোটেলৰ মালিক মধুৰা ডুবে আৰু বিজেপি নেতা অতুল চৌৰাছিয়াই কেইবাবাৰো ধৰ্ষণ কৰে।
লগতে এই ব্যৱসায় কৰাৰ বিনিময়ত কোনোদিনে একো টকা নিদিয়াৰ লগতে কোনোদিনে বাহিৰলৈ আহিবলৈয়ো নিদিয়ে। উপৰঞ্চি ভয় আৰু ভাবুকি দি অত্যাতাৰ চলায় ১ বছৰে ধৰি। অৱশেষত কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় যুৱতী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















