অসম লাইভ২৪ঃ লগানৰ ছেটত একেলগে দেখা গৈছে আমিৰ খান আৰু কিৰণ ৰাওক। বিচ্ছেদৰ পাছতো আমিৰ, কিৰণ, ৰীণা দত্তৰ সম্পৰ্কক বহুতেই প্ৰশংসা কৰিছে। দীৰ্ঘ ১৫ বছৰীয়া দাম্পত্য জীৱনত হঠাতেই কিৰণ আৰু আমিৰে দিছিল দুয়োৰে বিচ্ছেদৰ খবৰ। এই বিচ্ছেদত নাছিল কোনো কাজিয়া নতুবা মতবিৰোধৰ ভাইৰেল খবৰ। আমিৰ খান আৰু কিৰণ ৰাওৰ মাজৰ বুজাপৰা ৰীণা আমিৰতকৈয়ো বিশেষ।
বহুতে কয়, সঁচায়ে কিৰণ আমিৰ অন্য ধাতুৰে গঢ়া। আজিও দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক অটুত আছে। ভাইৰেল খবৰ অনুসৰি কিৰণৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই ৰীণা আৰু আমিৰৰ মাজত বিচ্ছেদ হৈছিল। প্ৰাক্তন পত্নী ৰীণা দত্তৰ সৈতে বিচ্ছেদৰ কেইবাবছৰ পাছতেই ২০০৫ চনত কিৰণৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আমিৰ খান। বিচ্ছেদ মানেই দুয়োৰে প্ৰেমৰ সম্পৰ্ক শেষ তেনে নহয়। আমিৰৰ পৰা প্ৰত্যেকেই ল’ব পাৰে জীৱন সম্পৰ্কীয় সেই শিক্ষা।
কেনেকৈ কিৰণ-আমিৰৰ মাজত বিচ্ছেদৰ পাছতো সম্পৰ্কৰ এনাজৰী অটুত হৈ আছে নিজেই জনাইছে কিৰণে। দুবাৰ বিবাহপাশত আৱদ্ধ আমিৰৰ দুবাৰেই বিয়া ভাঙিছে। ৰীণা আমিৰৰ কন্য ইৰাৰ বিবাহতো আমিৰৰ পৰিয়ালক একেলগে দেখা গৈছে। ইৰাৰ হালধী অনুষ্ঠানত ৰীণা আৰু কিৰণে একেই কাপোৰ পিন্ধি বিবাহবাহৰত উপস্থিত আছিল। বিবাহৰ অনুষ্ঠানৰ তদাৰকিৰ দায়িত্বও নিজেই লৈছিল কিৰণে।
বিবাহৰ পূৰ্বে ইৰাৰ বাবে গীতো গাইছে আমিৰৰ প্ৰাক্তন পত্নী কিৰণে। বিবাহৰ সম্পৰ্ক শেষ হ’লেও এজনৰ প্ৰতি আনজনৰ আছে অগাধ শ্ৰদ্ধা, সন্মান আৰু ভালপোৱা। এই ভালপোৱাৰ প্ৰমাণো বাৰে বাৰে দিছে আমিৰে। এই সন্দৰ্ভত কিৰণে কৈছে, ‘বিয়াহে ভাঙিছে, সম্পৰ্ক শেষ হোৱা নাই। আমি এটা পৰিয়ালৰেই মানুহ। আমি একেটা ঘৰতেই থাকো।’ আমিৰৰ প্ৰথমা পত্নী ৰীণা আৰু কিৰণৰ মাজত আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক। কেৱল সেয়াই নহয়, আমিৰ কিৰণ আৰু ৰীণা একেটা ঘৰতেই থাকে। সপ্তাহৰ এটা দিন আটায়ে একেলগে নৈশভোজো ৰাখে। কিৰণে এই সন্দৰ্ভত কয়, ‘ৰীণাৰ সৈতে মোৰ সম্পৰ্ক খুবেই ব্যক্তিগত। আমি আমিৰক বাদ দি একেলগে খুব ভাল সময় কটাও। একে ঘৰতেই থাকো। আমাৰ মানসিকতাৰো বহুত মিল আছে। বিচ্ছেদ মানেই শেষ নহয়, এয়া এক অন্য সম্পৰ্কৰ আৰম্ভণিহে মাত্ৰ। আমি এতিয়া বন্ধুত্বৰ সম্পৰ্কেৰে সুখী জীৱন কটাই আছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















