অসম লাইভ২৪ঃ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ অভিষেক বচ্চনে এইবাৰ ভৰি দিবলৈ আগবাঢ়িছে ৰাজনীতিৰ পথাৰত৷ বলীউডত ভাইৰেল হৈ পৰিছে অভিষেকৰ ৰাজনীতিত প্ৰৱেশৰ কথা৷ ৰূপালী পৰ্দাত এখনৰ পাছত আনখন ফ্লপ ছবিৰে কেৰিয়াৰ প্ৰায় শেষ হোৱা অভিষেকে এইবাৰ ৰাজনীতিলৈ ওলাই অহাক লৈ সমগ্ৰতে চলিছে চৰ্চা৷
অমিতাভ পুত্ৰ অভিষেকে অখিলেশ যাদৱৰ পাৰ্টী সমাজবাদী পাৰ্টীত যোগ দিব৷ আগন্তুক নিৰ্বাচনত এলাহবাদৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে অভিষেক বচ্চনৰ৷ বৰ্তমানলৈ অভিষেক বচ্চন বা সমাজবাদী পাৰ্টীৰ তৰফৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক বিবৃত্তি দিয়া হোৱা নাই যদিও বহুতেই এতিয়া এই বিষয়টোক লৈ চৰ্চা অব্যাহত ৰাখিছে৷ টুইটাৰতো ট্ৰেণ্ডিং হৈ আছে অভিষেক বচ্চন৷
২০১৩ চনৰ এটা সাক্ষাৎকাৰত অভিষেক বচ্চনে কৈছিল, ‘মোৰ মা দেউতা দুয়ো ৰাজনীতিত আছে৷ কিন্তু মই এই পৰ্যন্ত ৰাজনীতিলৈ যোৱাৰ কথা ভৱা নাই৷ পৰ্দাত এজন ৰাজনীতিবিদৰ চৰিত্ৰত মই অভিনয় কৰিছো কিন্তু বাস্তৱ জীৱনত মোৰ দ্বাৰা এয়া সম্ভৱ নহয়৷’
উল্লেখ্য যে, অভিষেকৰ মাতৃ জয়া বচ্চনো এগৰাকী ৰাজনীতিবিদ৷ জয়াও ২০০৪ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে আছে৷ পিতৃ অমিতাভেও চিনেমাৰ কেৰিয়াৰ বাদ দি ১৯৮৪ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল৷ ৰাজীৱ গান্ধীৰ আমন্ত্ৰণতেই ৰাজনীতিলৈ আহিছিল অমিতাভ বচ্চন৷ কিন্তু তেওঁৰ ৰাজনৈতিক জীৱন দীঘলীয়া নহ’ল৷ এলাহবাদৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিগ-বীয়ে ৬৮শতাংশতকৈয়ো অধিক ভোট লাভ কৰি ৮ নম্বৰ লোকসভা নিৰ্বাচনত জয়ী হয়৷
কিন্তু ১৯৮৭ চনৰ জুলাই মাহত বোফৰ্ছ কেলেংকাৰীত তেওঁ জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাত অমিতাভ বচ্চনে ইস্তাফা দিয়ে৷ বলীউডৰ নায়কে ৰাজনীতিত টিকি থকা সম্ভৱ নহয় সেই কথা তেতিয়াই বুজি উঠিছিল অমিতাভে৷ শেহতীয়াকৈ পিতৃয়ে প্ৰতিদ্বন্দিতা কৰা সেই সমষ্টিৰ পৰাই পুত্ৰ অভিষেকে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















