অসম লাইভ২৪ঃ
এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী সংবাদকৰ্মীয়ে।
লখিমপুৰৰ বিহপুৰীয়াৰ সন্তপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে সাংবাদিক ডলী হাজৰিকাই।
নিয়ন্ত্ৰণ হেৰুৱাই এখন বিবাহযাত্ৰী বাছে মহতিয়াই নিছিল পিতৃসহ ডলীক।
পিতৃৰ সৈতে মাংস কিনিবলৈ যাওঁতেই আল্ট্ৰা বাছে মহতিয়াই নিয়ে দুয়োকে।
বাছৰ খুন্দাত থিতাতে নিহত সংবাদকৰ্মী ডলী হাজৰিকাৰ।
জানিব পৰা মতে, ডলীৰ পিতৃ দিলীপ হাজৰিকাৰ অৱস্থাও অতি সংকটজনক।
ডলী গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ সংবাদকৰ্মী আছিল।
ছুটী লৈ পিতৃ-মাতৃৰ সৈতে কিছু সময় কটাবলৈ যাওঁতেই চিৰদিনৰ বাবে হেৰাই গ’ল ডলী হাজৰিকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















