প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড
কানাড়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেতাৰ বৰ্বৰতাৰ শিহৰণকাৰী ঘটনা। মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে পোহৰলৈ আহে সমষ্ট বৰ্বৰতাৰ কাহিনী। এগৰাকী অনুৰাগীক চুপাৰী দি হত্যা। তাকো গাৰ নোম শিঞৰি উঠাকে অত্যাচাৰ চলাই।
এটা মেছেজৰ পৰাই আৰম্ভ হয় এই সমস্ত পৰিকল্পনাৰ। অভিনেতাগৰাকীৰ ঘনিষ্ঠ বান্ধৱী তথা অভিনেত্ৰী পবিত্ৰাক এগৰাকী অনুৰাগীয়ে আপত্তিজনত মেছেজ দিয়াৰ বাবেই অভিনেতা দৰ্শন থুগুদীপা (Darshan Thoogudeepa)ই অন্য লোকক চুপাৰী দি অনুৰাগী ৰেণুকাস্বামী (Renukaswamy)ক প্ৰাণে মাৰে।
মৰণোত্তৰ প্ৰতিবেদনত মৃত্যুৰ পূৰ্বে ৰেণুকাস্বামীক ইলেক্ট্ৰনিক শ্ব’ক দিয়াৰ ইংগিত পোৱা গৈছে। হাই প্ৰফাইল গোচৰটোৰ ওপৰত কৰ্তৃপক্ষই গভীৰভাৱে তদন্ত কৰাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে।
ৰেণুকাস্বামীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত বৰ্তমানলৈ ১৭ লোকক আৰক্ষীয়ে আটক কৰিছে। এই ১৭ লোকৰ ভিতৰত অভিনেতা দৰ্শন আৰু তেওঁৰ সহযোগী অভিনেত্ৰী পবিত্ৰা গৌড়াও আছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰেণুকাস্বামীক অপহৰণ কৰি নি প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক দিছিল। আৰক্ষীয়ে বৰ্তমানে সেই ইলেক্ট্ৰনিক ডিভাইছ উদ্ধাৰ কৰিছে। তাৰ পাছত জিভা আৰু নাক কাটি দিছিল। সমগ্ৰ শৰীৰতে লোহাৰ ৰ’ডেৰে পুৰি দিছিল। জো লাইন ভাঙি দিছিল । শৰীৰৰ বিভিন্ন অংশৰ হাড় ভাঙি দিছিল।
ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে কানাড়া আৰক্ষীয়ে। আটকাধীন লোকসকলৰো জিম্মাৰ সময় বৃদ্ধি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















