সাধাৰণ ভাৱে সম্পন্ন অদিতি-সিদ্ধাৰ্থৰ বিয়া, আৰু কোন কোন তাৰকাই অতি কম খৰচতে সম্পন্ন কৰিছে বিয়া
আজি ১৬ ছেপ্টেম্বৰ তাৰিখে অতি কম খৰচতে সম্পন্ন হয় ভাৰতীয় চিনেমাৰ সুদক্ষ অভিনেতা অভিনেত্ৰী সিদ্ধাৰ্থ আৰু অদিতি ৰাও হৈদৰীৰ। ৪০০ বছৰীয়া পুৰণি এটা মন্দিৰত অতি সাধাৰণভাৱে সম্পন্ন হয় এই বিবাহ। এই বিয়াত উপস্থিত থাকে কেৱল পৰিয়ালৰ লোক আৰু বিশেষ বন্ধু বৰ্গ।
তেনেদৰে বলীউডৰ আৰু কেইবাগৰাকী তাৰকাই অতি কম খৰচতে সম্পন্ন কৰিছে বিবাহ। অতি জাক-জমকতাৰ বিপৰীতে কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিত অতি সাধাৰণভাৱে সম্পন্ন হোৱা কেইখন বিবাহ হৈছে-
আমিৰ খান- কিৰণ ৰাও
সদ্যহতে বিবাহ বিচ্ছেদ হলেও ২০০৫ চনত অতি সাধাৰণভাৱে আমিৰ খান আৰু কিৰণ ৰাওৰ মাজত বিবাহ সম্পন্ন হৈছিল। যি বিবাহত কেৱল পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধু উপস্থিত আছিল।
দীয়া মিৰ্জা-বৈভৱ ৰেখী
বলীউডৰ সুন্দৰী অভিনেত্ৰী দীয়া মিৰ্জাইয়ো পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধু উপস্থিতিত বিবাহ সম্পন্ন কৰে। মুম্বাই স্থিত বাসগৃহত এগৰাকী মহিলা পুৰুহিতৰ উপস্থিতিত এই বিবাহ সম্পন্ন হয়।
নেহা ধুপীয়া-অংগত বেদী
এটা গুৰুদ্বাৰাত অতি সাধাৰণভাৱে কম খৰচতে পৰিয়ালৰ উপস্থিতিত এই বিবাহ সম্পন্ন হয় ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ