• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

4 months ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

14 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

1 hour ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

3 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

17 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

19 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

20 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

editor by editor
June 2, 2026
in বিবিধ, বিশ্ব, লেখা
0
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
0
SHARES
220
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীত এনে মানুহো আছে যিয়ে ইতিমধ্যেই চন্দ্ৰত নিজৰ মালিকানা দাবী কৰিছে আৰু পৃথিৱীৰ পৰাই চন্দ্ৰালোকত মাটি বিক্ৰি কৰি কোটি কোটি ডলায় আয়ো কৰিছে৷ চন্দ্ৰক নিজৰ সম্পত্তি বুলি দাবী কৰি চন্দ্ৰভূমি বিক্ৰিৰ সাহস কৰা সেই ব্যক্তিৰ নামেই ডেনিছ হোপ৷

বিগত ২ এপ্ৰিলত পুৱা ভাৰতীয় সময় অনুসৰি চন্দ্ৰৰ উদ্দেশ্যে যাত্ৰা কৰিছিল নাছাৰ মহাকাশযানে৷ তাত আছিল কমাণ্ডাৰ ৰিড ৱাইছমেন, পাইলট ভিক্টৰ গ্লোভাৰ, অভিযান বিশেষজ্ঞ ক্ৰিষ্টিনা কচ আৰু জেৰেমি হানছেন৷ চন্দ্ৰৰ চাৰিওপাশে ঘূৰি পৃথিৱীলৈ উভতি আহিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ চাৰি নভোশ্চৰ৷ ১০ দিন মহাকাশত কটোৱাৰ পাছত শনিবাৰে পুৱা তেওঁ পৃথিৱীত অৱতৰণ কৰে৷ দক্ষিণ কেলিফৰ্নিয়াৰ উপকূলত প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে নাছাৰ কেপছুলটিয়ে৷ ভিতৰৰ পৰা ধীৰে ধীৰে চাৰিজনক উদ্ধাৰ কৰি তীৰলৈ লৈ অনা হয়৷ নাছাৰ এই চন্দ্ৰাভিযানৰ নাম আছিল আৰ্টেমিছ৷

আৰ্টেমিছ-২ৰ লক্ষ্য চন্দ্ৰৰ মাটিত ভৰি ৰখা নহয়৷ বৰং চন্দ্ৰৰ কাষেৰে ঘূৰি অহাহে৷ ২০২৮ চনত এই অভিযানৰ তৃতীয় ঢাপত চন্দ্ৰত আকৌ মানুহ পঠিওৱাৰ পৰিকল্পনা আছে নাছাৰ৷ এক ঐতিহাসিক মাইলফলক হিচাপে দীৰ্ঘ পাঁচ দশকৰ পাছত চন্দ্ৰত মানুহ পঠিয়াব নাছাই৷ ১৯৬৯ চনত আমেৰিকাৰ এই সংস্থাৰ এপল’ অভিযানত চন্দ্ৰত প্ৰথমে নামিছিল মানুহ৷ ১৯৭২ চনত সেই অভিযান শেষ হয়৷ ৫৩ বছৰৰ পাছত আকৌ আৰ্টেমিছ অভিযানৰ হাতত ধৰি চন্দ্ৰক ছুই চাইছে আমেৰিকাই৷
পৃথিৱীত এনে এজন মানুহ আছে যিয়ে ইতিমধ্যেই চন্দ্ৰত নিজৰ মালিকানা দাবী কৰে পৃথিৱীৰ পৰাই৷ চন্দ্ৰলোকত মাটি বিক্ৰি কৰি কোটি কোটি ডলাৰ তেওঁ আয়ো কৰিছে৷ চন্দ্ৰক নিজৰ সম্পত্তি বুলি দাবী কৰি চন্দ্ৰভূমি বিক্ৰিৰ সাহস কৰা সেই ব্যক্তিৰ নাম ডেনিছ হোপ৷ সত্তৰৰ দশকৰ শেষত কেলিফৰ্নিয়াত পুৰণি বা ব্যৱহৃত বাহন বিক্ৰীৰ ব্যৱস্থা কৰিছিল হোপে৷ তেওঁ তেতিয়া বিবাহবিচ্ছেদ আৰু আৰ্থিক সংকটৰ মাজত আছিল৷ সেই সময়তে তেওঁৰ মগজুত এটা বুদ্ধিয়ে খেলা কৰে৷ ১৯৮০ চনত তেওঁ চন্দ্ৰৰ মালিকানা দাবী কৰি চন্দ্ৰৰ মাটি বিক্ৰি কৰিবলৈ আৰম্ভ কৰে৷ মাটিৰ দাম ৰাখিছিল সাধাৰণ মানুহে ক্ৰয় কৰিব পৰাকৈয়ে৷ ২৪.৯৯ডলাৰৰ পৰা আৰম্ভ হয় হোপে বিক্ৰি কৰা একৰ প্ৰতি চন্দ্ৰৰ মাটিৰ দাম৷ ৫০০ ডলাৰ আৰু তাতকৈ বেছি দামৰ মাটিও চন্দ্ৰত আছে বুলি তেওঁ জনায়৷ আকৌ মঙ্গল আৰু অন্যান্য গ্ৰহৰ মাটিৰ দামো তেওঁ জনায়৷
বৰ্তমান পৰ্যন্ত ৬০ লাখতকৈ বেছি ক্ৰেতাৰ চন্দ্ৰত ৬১.১ কোটি একৰ মাটি বিক্ৰি কৰিছে হোপে৷ আয় কৰিছে ১.২ কোটি ডলাৰ৷ তেওঁৰ দাবী, চন্দ্ৰৰ মাটিৰ চাহিদা ভালেই৷ আনকি বহুলোকে আছে যিয়ে মাটি কিনিবলৈ বাৰে বাৰে আহিছে তেওঁৰ সংস্থাৰ ওচৰলৈ৷ ক্ৰেতাৰ বেপাৰত কোনো বাচবিচাৰ নাই হোপৰ৷ তাৰকাৰ পৰা আৰম্ভ কৰি সাধাৰণ চাকৰিয়াল৷ সকলো আছে তেওঁৰ ক্ৰেতাৰ তালিকাত৷ তেওঁৰ দাবী প্ৰায় ৭০০ জন নামী তাৰকাই তেওঁৰ পৰা মাটি ক্ৰয় কৰিছে৷ আনকি তিনিজন প্ৰাক্তন মাৰ্কিন প্ৰেছিডেণ্টৰ ওচৰতো বিক্ৰী কৰিছে মাটি৷
হোপে পূৰ্বে জনাইছে যে চন্দ্ৰৰ সকলোতকৈ ডাঙৰ মাটিৰ অংশটিত ৫৩লাখ ৩২হাজাৰ ৭৪০ একৰ স্থান আছে৷ এই মাটিৰ ক্ৰেতা এতিয়াও পোৱা নাই হোপে৷ বেছি চাহিদা ১৮০০-২০০০ একৰৰ মাটিসমূহ৷ বেছ কিছু হোটেলেও মাটি কিনিছে তেওঁৰ পৰা৷ হোপৰ সংস্থাৰ নাম লুনাৰ এমবেচি৷  চন্দ্ৰত হোপৰ স্থানসমূহ চোৱাচিতা কৰে এই সংস্থাই৷ হোপ নিজেই এই সংস্থাৰ চিইঅ৷ যদিও এই চিইঅৰ অৰ্থ চিফ এক্সিকিউটিভ অফিচাৰ নহয় চেলেশ্চিয়েল এক্সিকিউটিভ অফিচাৰ৷ অৱশ্যে নিজকে চন্দ্ৰৰ মালিক বুলি ক’বলৈ বেছিকৈ পছন্দ কৰে হোপে৷
চন্দ্ৰত মাটিৰ ব্যৱসায় কৰাৰ বুদ্ধি হোপে পাইছিল ৰাষ্ট্ৰবিজ্ঞানৰ পৰা৷ এই ব্যৱসায়ত ৰাষ্ট্ৰপুঞ্জই অনা এক প্ৰস্তাৱেই সহায় কৰিছিল হোপক৷ সেই প্ৰস্তাৱৰ মূল বিষয় আছিল সৌৰজগতৰ মাজত থকা মহাজাগতিক বস্তু৷ ৰাষ্ট্ৰপুঞ্জই কৈছিল, বিশ্বৰ কোনো দেশ বা কোনো দেশৰ চৰকাৰে সৌৰজগতৰ কোনো মহাজাগতিক বস্তুৰ ওপৰত নিজৰ অধিকাৰ, মালিকানা বা আইনী স্বত্ব দাবী কৰিব নোৱাৰে৷
১৯৬৭ চনত অনা সেই প্ৰস্তাবত পৃথিৱীৰ প্ৰায় সকলো দেশে সন্মতি দিছিল৷ সেই প্ৰস্তাবত কিছু অসম্পূৰ্ণতাও আছিল৷ মহাজাগতিক বস্তুৰ ওপৰত চৰকাৰ বা দেশৰ অধিকাৰক লৈ কথা ক’লেও এনে কিছু কথা কোৱা হোৱা নাছিল যে কোনো ব্যক্তিয়ে এই দাবী কৰিব নোৱাৰিব৷ ১৮৬২ চনৰ মাৰ্কিন হোমষ্টেড এক্টৰ পৰা অনুপ্ৰেৰণা লৈ আৰু ৰাষ্ট্ৰপুঞ্জৰ প্ৰস্তাবৰ অসম্পূৰ্ণতাক কামত লগাই চন্দ্ৰত মালিকানা দাবী কৰে হোপে৷

ছান ফ্ৰান্সিছকোৰ এক ৰেজিষ্ট্ৰি অফিচত পৃথিৱী আৰু সূৰ্যৰ ওপৰিও সৌৰজগতৰ অন্য ৮টা গ্ৰহ আৰু উপগ্ৰহসহ সমগ্ৰ চন্দ্ৰপৃষ্ঠৰ ওপৰত মালিকানা দাবী কৰি এক নথি জমা দিয়ে হোপে৷ ইয়াৰ পাছতেই তেওঁ ৰাষ্ট্ৰপুঞ্জ, আমেৰিকাৰ চৰকাৰ আৰু তৎকালীন ছোভিয়েট ইউনিয়নলৈ আনুষ্ঠানিক চিঠি পঠিয়াই৷ বিজ্ঞাপ্তিত তেওঁ  স্পষ্টভাৱে উল্লেখ কৰে যে চন্দ্ৰ আৰু অন্য গ্ৰহ আৰু উপগ্ৰহৰ মাটি তেওঁ খণ্ড খণ্ডকৈ ভাগ কৰি বিক্ৰি কৰিব খোজে৷

আশীৰ দশকৰ একেবাৰে শেষৰ ফালে সেই চিঠিত হোপে অনুৰোধ কৰিছিল যে কোনো আইনী আপত্তি থাকিলেও যেন তেওঁক জনোৱা হয়৷ কিন্তু চিঠিৰ কোনো উত্তৰ নাহিল৷ ইয়াৰপাছতেই ৰাষ্ট্ৰপুঞ্জৰ মৌনতাক সন্মতি বুলি ধৰি চন্দ্ৰত মাটি বিক্ৰি কৰিবলৈ আৰম্ভ কৰে হোপে৷ ১৯৮০ চনৰ পৰা আৰম্ভ কৰি বিগত ৪৬ বছৰ ধৰি বেছ ৰমৰমীয়াভাৱে চলিছে হোপৰ চন্দ্ৰৰ মাটিৰ ব্যৱসায়৷ আশী কিংবা নব্বৈৰ দশকত খেলনা সামগ্ৰীৰ দৰেই চন্দ্ৰৰ মাটি বিক্ৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল হোপে৷ ক্ৰেতাই আগ্ৰহ দেখুৱালেও সেই সময়ত লুনাৰ এমবেছিৰ কাৰ্যকলাপক বিশেষ গুৰুত্ব দিয়া নাছিল৷

হোপে বিক্ৰী কৰা চন্দ্ৰৰ মাটিৰ মালিকানাৰ আইনী বৈধতাক লৈ প্ৰশ্ন থাকিলেও মাটিৰ দলিল দিয়া হয়৷ আনকি দিয়া হয় আইনী কিছু নথিও৷ দলিলত ক্ৰেতাৰ নাম আৰু মাটিৰ বিৱৰণো দিয়া থাকে৷ কোনোৱে মাটি ক্ৰয় কৰিলেও সেই মাটি স্বচক্ষে দেখাৰ সুযোগ নাই৷ সেয়ে দলিলৰ সৈতে ক্ৰেতাসকলক এখন মানচিত্ৰ দিয়া হয়৷ চন্দ্ৰৰ সেই মানচিত্ৰ চায়েই কোন স্থানত মাটি কিনিছে সেয়া নিৰ্ণয় হয়৷

আইন বিশেষজ্ঞৰ মতে এই মাটি বিক্ৰিৰ প্ৰক্ৰিয়া বৈধ হ’ব নোৱাৰে৷ কাৰণ প্ৰশাসন বা চৰকাৰক বাদ দি কোনোৱে এই মাটি বিক্ৰি কৰিব নোৱাৰে৷ বিষয়টো জনাৰ পাছতেই অৱশ্যে দ্ৰুত পদক্ষেপো লয় হোপে৷ নিজস্ব চৰকাৰেই তৈয়াৰ কৰি পেলায় হোপে৷ নাম দিয়ে গেলেকটিক ইনডিপেণ্ডেণ্ট গভৰ্নমেণ্ট৷ হোপ সেই চৰকাৰৰ প্ৰেছিডেণ্ট৷

২০০৯ চনত হোপৰ গেলেক্টিক চৰকাৰে আমেৰিকাৰ চৰকাৰৰ মান্যতা পায়৷ চৰকাৰ থাকিলে সংবিধান লাগে৷ দৰকাৰ নিজস্ব মুদ্ৰা, পতাকা, প্ৰতীকসহ আৰু বহুকেইটা নথি৷ হোপে সকলোবোৰ নিজে বনাইয়ো লয়৷ তেওঁৰ গেলেক্টিক চৰকাৰৰ আছে নিজস্ব মুদ্ৰা৷ আছে নিজস্ব আইনকানুনো৷ ইয়াৰোপৰি লুনাৰ এমবেছিৰ নিজস্ব ৱেবচাইটো আছে৷ আমেৰিকাৰ কেলিফৰ্নিয়া, নেভাদাৰ ওপৰিও জাপান আৰু কোৰিয়াতো আছে কাৰ্যালয়৷ আমেৰিকাৰ পূৰ্ব উপকূল নেভাদাত লুনাৰ এমবেছিৰ মূল কাৰ্যালয়৷ সকলো মিলি কেইবাডজন কৰ্মী আছে৷ মাটিৰ চাহিদাৰ ওপৰত ভিত্তি কৰি কৰ্মীসংখ্যা বাঢ়ে, কমে৷ ৪৬ বছৰৰ ব্যৱসায় এতিয়া আৰু চন্দ্ৰতে আৱদ্ধ থকা নাই৷ পৃথিৱীৰ উপগ্ৰহৰ পৰা তেওঁৰ ব্যৱসায় বাঢ়িছে ভিন্নগ্ৰহলৈ৷ আইনৰ ফাঁকেৰে বুধ, মঙ্গল, শুক্ৰ, প্লুটু আনকি বৃহস্পতিৰ উপগ্ৰহ আইও তো মাটি বিক্ৰি কৰিছে তেওঁ৷

ইমান বাধা আৰু আইনী মৰ্যাদা নথকা সত্ত্বেও হোপৰ ব্যৱসায় ৪৫ বছৰৰ বেছি সময় ধৰি টিকি আছে৷ বৰ্তমান হোপৰ সন্মুখত চেলেঞ্জ এটাই৷ ৰাষ্ট্ৰপুঞ্জ৷ লুনাৰ এমবেছিৰ মহাজাগতিক অধিকাৰৰ চিঠিৰ জবাবত যদি শেষ পৰ্যন্ত তেওঁৰ দাবী খাৰিজ কৰি দিয়ে তেন্তে ৫০ লাখ বিশ্ববাসীৰ হাতত চন্দ্ৰ পোৱাৰ সপোন ভাঙিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
Next Post
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.