অসম লাইভ২৪ঃ প্ৰেমৰ আৰম্ভনি হৈছিল যুদ্ধৰ মাজতেই৷ ধোঁৱা বাৰুদৰ গোন্ধৰ মাজতেই আৰম্ভ হৈছিল প্ৰেম৷ বোমা আপু যুদ্ধৰ মাজতেই ঘৰ বন্ধাৰ প্ৰতিশ্ৰুতি দিছিল এজনে আনজনক৷ কিন্তু ‘ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’ এই অপ্তবাক্যশাৰী তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ পৰিল৷ ভৱা মতেই সকলো সিদ্ধি নহয়৷ নিয়তিৰ কৰুণ পৰিহাসত দুই প্ৰেমিক যুগলো পৃথক হৈ পৰিল৷
প্ৰেমিক যুগলৰ নাম হৈছে, পেগি ইয়ামাগুচি আৰু দুয়ান মান৷ ১৯৫৩ চনত দুয়োৱে আছিল ২২ বছৰীয়া তৰুণ৷ কোৰিয়াৰ যুদ্ধৰ সময়ত যুদ্ধত নামি পৰিছিল কোৰিয়ান তৰুণ দুয়ান মান৷ যুদ্ধ কৰিবলৈ আহি জাপানী তৰুণী পেগি ইয়ামাগুচিৰ প্ৰেমত পৰিল কোৰিয়ান তৰুণ দুয়ান মান৷ এই ঘনিষ্ঠতাই পাছলৈ প্ৰেম৷ যুদ্ধত নামি প্ৰেমৰ যুদ্ধ এখনেও হৃদয়ত ঠাই পালে দুয়ানৰ৷ কোৰিয়ান তৰুণ দুয়ানৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিব নোৱাৰিলে পেগীয়ে৷ প্ৰেম আৰম্ভ হ’ল৷ সম্পৰ্কৰ প্ৰায় ৬মাহ পাছত পেগী অন্তঃসত্ত্বা হৈ পৰিল৷ ভালখবৰৰ মাজতেই দুঃখবৰটোও আহিল৷ দুয়ানৰ টকিঅ’ত থকাৰ ম্যাদ শেষ হৈছে৷ দুয়ানক দেশলৈ মাতি পঠিয়ালে৷ অন্তঃসত্ত্বা প্ৰেয়সীক এৰি দুখ মনেৰে কোৰিয়ালৈ ৰাওনা হ’ল দুয়ান৷ দেশলৈ উভতি আহি আকৌ প্ৰেয়সীৰ কাষলৈ যোৱাৰ পৰিকল্পনা আছিল দুয়ানৰ৷ কিন্তু ভাগ্যই নিবিচাৰিলে জানো মিলন সম্ভৱ! দুয়ান আৰ্থিক অনাটনত পৰিল৷ জাপানলৈ উভতি যাবলৈ ধন যোগাৰ কৰিব নোৱাৰিলে দুয়ানে৷ হৃদয় ভাঙিলেও এই সম্পৰ্কক পাহৰিবলৈ যত্ন কৰিলে দুয়ানে৷
ভাগ্যই যেনেকৈ কাঢ়ে তেনেকৈ যোৰা লগোৱাতো কৃপণালী নকৰে! বিচ্ছেদিত প্ৰেমিক যুগল আকৌ একত্ৰিত হ’ল৷ এইবাৰ কিন্তু ভাৰ্ছুৱেল পৃথিৱীত দুয়ো পোনতে একলগ হ’ল৷ ফেছবুকৰ মাধ্যমেৰে পেগীয়ে বিচাৰি পালে দুয়ানক৷ ফেছবুকত পেগীক দেখি দুয়ানে নিজেই মেছেজো কৰে৷ এই সপ্তাহৰ পাছত পেগীয়ে এই মেছেজৰ উত্তৰ দিয়ে৷ বহু বছৰৰ অন্তত দুয়োৰে মাজত আকৌ প্ৰেমালাপ৷ দুয়ান বৰ্তমান বৃদ্ধ৷ পেগীও বৃদ্ধ এগৰাকী নাৰী৷ পেগী-দুয়ানৰ সন্তান এতিয়া প্ৰাপ্তবয়স্ক এজন যুৱক৷ ফেছবুকৰ মাধ্যমেৰে পেগীক লগ পোৱাৰ পাছতেই কোৰিয়াৰ পৰা জাপানলৈ যাত্ৰা কৰিছে দুয়ানে৷ দুয়ানক লগ পাই আনন্দত পেগীয়ে ফেছবুকত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘কিমান দিননো জীয়াম, জীয়াই থকালৈকে একেলগেই থাকিম৷ হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ