সংকটত নেকি কংগ্ৰেছ, ৰাহুল গান্ধীৰ পাছত এইবাৰ ছেম পিত্ৰোডাৰ মন্তব্যক লৈ তোলপাৰ
কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ দেশৰ এক্স-ৰে’ কৰাৰ কথা, যাৰ অৰ্থ কংগ্ৰেছ ক্ষমতালৈ আহিলে দেশৰ নাগৰিকৰ সম্পত্তি জব্দ কৰিব আৰু তেওঁলোকৰ সমগ্ৰ জীৱনত আৰ্জিত সম্পত্তি জব্দ কৰিবলৈ সমীক্ষা চলাব, এই মন্তব্যৰ পাছতে বিজেপিৰ মাজত তোলপাৰ লাগি গৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুলৰ এই মন্তব্যৰ ওপৰত তীৰ্যক আলোচনা কৰিছিল। ৰাহুল গান্ধীয়ে হেনো এতিয়া দেশৰ মা-ভনী সকলৰ গহনাৰ ওপৰতো চকু দিয়া বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীয়ে।
তাৰে পাছত এইবাৰ কংগ্ৰেছৰ আন এগৰাকী নেতাৰ মন্তব্যই তোলপাৰ লগাইছে। কংগ্ৰেছ নেতা ছেম পিত্ৰোডাৰ এক মন্তব্য আলোচনাৰ বিষয় হৈ পৰিছে। ৰাহুল গান্ধীৰ মন্তব্যৰ ওপৰতে এক উদাহৰণ দি নিজৰ মন্তব্য দাঙি ধৰিছিল পিত্ৰোডাই।
ৰাহুল গান্ধীৰ সেই মন্তব্যৰ পাছতে এইবাৰ পিত্ৰোডাই তাৰেই লগত মিলাই কৈছে, ভাৰতত সম্পত্তীৰ জৰীপৰ কথা শুনিয়ে বিজেপিয়ে ভয় কৰিছে, আমেৰিকাৰ দৰে দেশত সম্পত্তীৰ ওপৰত কৰ (টেক্স) দিব লাগে। এজন লোকৰ মৃত্যুৰ পাছত সেই ব্যক্তিৰ মুঠ সম্পত্তিৰ ওপৰত টেক্স দিব লাগে। টেক্স হিচাপে মুঠ সম্পত্তীৰ ৫৫ শতাংশ চৰকাৰৰ হাতলৈ যায়। কেৱল ৪৫ শতাংশ সম্পত্তীয়ে সন্তানে লাভ কৰে। ভাৰতত এনে কোনো নিয়ম নাই।
যাৰ পাছৰে পৰা বিজেপিয়ে কবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ শাসনলৈ আহিলে এজন ব্যক্তিয়ে বহু কষ্টৰে উপাৰ্জন কৰা টকা আনৰ হাতত বিলাই দিব। পাছে ৰাহুল গান্ধীৰ দেশৰ এক্স-ৰে কৰাৰ কথাৰ অৰ্থ আছিল অন্য।
সেই বিষয়ে ৰাহুলে কয় যে, মই জাতিৰ ভিত্তিত লোকপিয়লৰ কথা ক’লো, এক্স-ৰে’ৰ কথা ক’লো, সকলোৱে ক’বলৈ আৰম্ভ কৰিছে দেশত জাতি নাই। যদি দেশত জাতি নাই তেন্তে আপোনালোক কেনেকৈ অ’বিচি হ’ল? তেওঁলোকে কয়, দেশত দুটাই জাতি আছে, ধনী আৰু দুখীয়া। মই কওঁ, ধনী আৰু দুখীয়াক ভাগ কৰি পেলাওক। দুখীয়াৰ তালিকাত অ’ বি চি আৰু এছ টি, এছ টি পাব আৰু ধনীৰ তালিকাত এজনো অ’ বি চি, এছ টি, এছ চি নাপাব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ