ৰেহাই নাপালে এইবাৰো, এতিয়া পুনৰ ৭ মে’লৈ ঠিকনা হ’ব তিহাৰ কাৰাগাৰেই
দিল্লী সুৰা নীতিৰ কথিত কেলেংকাৰিৰ গোচৰত তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা মনিষ চিছ’দিয়াই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কে কবিতাৰ দৰে সকাহ নাপালে আজি। মনিষ চিছ’দিয়াৰ ন্যায়িক জিম্মা এতিয়া ৭ মে’লৈ বৃদ্ধি কৰিছে আদালতে।
কালি অৰ্থাৎ মঙলবাৰে আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়ো ৭ মে’লৈকে বৃদ্ধি কৰিছিল। উল্লেখ্য যে বুধবাৰে ৰাউজ এভিনিউ আদালতে চিবিআই গোচৰত অভিযোগৰ ফ্ৰেমৱৰ্ক আৰম্ভ নকৰিবলৈ দাবী জনোৱা আবেদনৰ উত্তৰ বিচাৰিছিল চিবিআইৰ পৰা আৰু তাৰ পিছত ৰাউজ এভিনিউ আদালতে চিবিআই গোচৰত মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মা ৭ মে’ লৈকে বৃদ্ধি কৰিছে । এতিয়া গোচৰৰ পৰৱৰ্তী শুনানি ৭ মে’ত ৰাউজ এভিনিউ আদালতত অনুষ্ঠিত হ’ব।
দিল্লীৰ ৰাউজ এভিনিউ আদালতত আজি এক অদ্ভুত পৰিৱেশৰ সৃষ্টি হয়। শুনানিৰ সময়তে ন্যায়াধীশ ক্ৰোধাম্বিত হৈ পৰে, যাৰ ফলত অধিবক্তাসকলে ন্যায়াধীশৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়।
আদালতৰ কাৰ্য শেষ হোৱাৰ লগে লগে আদালত কক্ষৰ পৰা বাহিৰ ওলাই যায় অধিবক্তা সকল। ন্যায়াধীষৰ অনুমতি অবিহনেই এনে কাৰ্য কৰে অধিবক্তাসকলে। সেই কাৰ্যতেই খং কৰে ন্যায়াধীশে।
এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে, প্ৰথমবাৰৰ বাবে এনে আচৰণ দেখিছো, আপোনালোকৰ যুক্তি শেষ হৈ যোৱাৰ পাছতে লগে লগ সকলোৱে আদালতৰ বাহিৰলৈ ওলাই যায়, ন্যায়ালয়ৰ অনুমতি নোহোৱাকৈ বা নজনোৱাকৈ এনেদৰে বাহিৰ ওলাই যোৱাটো কেনে ধৰণৰ আচৰণ।
পাছত নিজৰ ভুল বুজিব পাৰি অধিবক্তাসকলে ক্ষমা বিচাৰে ন্যায়াধীশৰ ওচৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ