১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই বোৱাৰীৰ লগত সংঘটিত কৰিলে এই কাণ্ড
বিহাৰৰ পাটনাৰ পৰা আহিছে এক হৃদয়বিদাৰক ঘটনাৰ খবৰ। যৌতুক নিদিয়াৰ বাবেই স্বামীৰ ঘৰে কৰিলে এনে কাণ্ড যাৰ ফলত প্ৰাণ হেৰুৱাব লগা হয় এগৰাকী বোৱাৰীয়ে।
পাটনাত যৌতুকৰ বাবে এগৰাকী মহিলাক হত্যা কৰাৰ পিছত স্বামীৰ ঘৰৰ লোকে নদীৰ কাষৰ বালিত পুতি থয় মৃতদেহ। বুধবাৰে নদীৰ কাষৰ বালিৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
ঘটনাৰ পিছতে মৃতকৰ স্বামী, শাহুৱেক আৰু শহুৰেক ঘৰৰ পৰা পলাতক হৈ আছিল। অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানে অভিযান চলাই আছে।
বিহাৰৰ বিহতাৰ শ্ৰীৰামপুৰ নিবাসী ৰমেশ ৰায়ৰ কন্যা ছোনী কুমাৰীয়ে স্বামীৰ পৰিয়ালে দাবী কৰা নগদ ১০ লাখ টকা আৰু এক কঠা মাটি নিদিয়াৰ ফলত প্ৰাণ কাঢ়ি লৈছিল।
উল্লেখ্য যে, বিহতা গাঁৱৰ ধীৰাজ কুমাৰৰ সৈতে ২ বছৰ পূৰ্বেই বিয়া হৈছিল ছোনী। পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে বিয়াৰ পিছৰে পৰা ছোনী কুমাৰীক স্বামী আৰু শহুৰৰ পৰিয়ালে মাৰপিট কৰিছিল। লগতে স্বামী ধীৰাজ কুমাৰ আৰু শাহুৱেক আৰু শহুৰেকে ১০ লাখ টকা নগদ ধন আৰু এক কঠা মাটি দাবী কৰি আহিছিল।
কিন্তু দাবী কৰা ধন লাভ নকৰাৰ বাবেই ছোনীত হত্যা কৰি নদীৰ কাষৰ বালিত পুতি থয়। ঘটনাৰ বিষয়ে খবৰ লাভৰ পিছতে বিহটা থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। আনহাতে ছোনীৰ পৰিয়ালে হত্যাৰ গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰি বুধবাৰে বালিঘাটৰ পৰা সোণী কুমাৰীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত দনাপুৰ মহকুমা আৰক্ষী বিষয়াই জনোৱা মতে, মৃতদেহটো জেচিবি মেচিনেৰে বালিত পুতি থোৱা হৈছিল। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় আৰু এতিয়া অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পাছে পলাতক হৈ আছে স্বামী আৰপ শহুৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ