গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি
৩১ জুলাই তাৰিখ বৃহস্পতিবাৰে অন্ত পৰিব গ্ৰীষ্ম বন্ধ। এই বন্ধৰ পাছতে ১ আগষ্ট শুকুৰবাৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব পাঠদান। কিন্তু পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা।
ৰাজ্যত বৰ্তমানেও গ্ৰীষ্মৰ প্ৰৱাহৰ প্ৰকোপ অব্যাহত আছে। সেয়ে গ্ৰীষ্মৰ প্ৰৱাহৰ বাবে পাঠদান আৰু বিদ্যালয় ছুটী সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। নিৰ্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দীপিকা চৌধুৰীৰ।
প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি-
পুৱা ৭.৩০ বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ’ব পাঠদান।
ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি থাকিব সময়ৰ তাৰতম্য
নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১.৩০ বজা
উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছুটীৰ সময় ১২ বজা
মাধ্যমিক পৰ্যায়ৰ শিক্ষনুষ্ঠানত পাঠদান চলিব দিনৰ ১ বজা পৰ্যন্ত।
লগতে ইয়াকো সদৰি কৰে যে, কেৱল চৰকাৰী খণ্ডৰেই নহয়, ব্যক্তিগত শিক্ষানুষ্ঠানতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















