৩ মাহৰ ছুটিত ভাৰতীয় ক্ৰিকেট দল, এইবাৰ লক্ষ্য …
ৰোহিত শৰ্মীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে ২০২৫ বৰ্ষৰ চেম্পিয়মনছ ট্ৰফীৰ পদক জয় কৰি পাকিস্তানৰ মুখৰ পৰা পদক কাঢ়ি আনে। ডুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত খেলত ভাৰতীয় দলে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি এই পদক নিজৰ নামত কৰে। যাৰ ফলত তৃতীয়বাৰলৈ এই পদক দখল কৰা দল হিচাপে পৰিগণিত হয় ভাৰতীয় দল।
এই পদক দখলৰ পাছতে এতিয়া অনুৰাগীৰ মাজত বিভিন্ন প্ৰশ্ন পৰৱৰ্তী লক্ষ্য কি টীম ইণ্ডিয়াৰ। পাছে পৰৱৰ্তী লক্ষ্য যিয়েই নহওক, অহা ৩ মাহলৈ ছুটি দলটোৰ। এই ৩ মাহত কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ নলয় ভাৰতীয় দলে।
অৱশ্যে আইপিএলত অংশ লব সকলো খেলুৱৈয়ে। তাৰ পূৰ্বে এটা সপ্তাহ জিৰণি লব দলৰ সদস্য সকলে। তাৰ পাছতে ২২ মাৰ্চৰ পৰা অনুষ্ঠিত হব লগা খেলৰ পৰা নিজ নিজ দলৰ অংশ হৈ পৰি দলৰ শক্তি বৃদ্ধিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।
আই পি এলৰ পাছতে জুনত ইংলেণ্ড ভ্ৰমণলৈ যাব দল। ২০ জুনৰ পৰা আৰম্ভ হব লগা এই খেলত ভাৰত-ইংলেণ্ডে ৫ খনীয়া টেষ্ট মেচ খেলিব। ২০ জুনৰ পৰা আৰম্ব হৈ ৪ আগষ্টলৈ চলিব এই টেষ্ট মেচ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ