প্ৰথমে সামাজিক মাধ্যমত বন্ধুত্ব, পাছত ১৬ মাহ ধৰি এগৰাকী ছাত্ৰীৰ সৈতে ৭ লোকৰ
গুজৰাটৰ বানাস্কান্ত জিলাৰ পৰা পোহৰলৈ আহিছে মানৱতাক লজ্জিত কৰা এটা খবৰ। ৰাজ্যখনত এগৰাকী কলেজীয়া ছাত্ৰীক ১৬ মাহ ধৰি ব্লেকমেইল কৰি উপৰ্যুপৰি ধৰ্ষণ ৭ লোকৰ। যুৱতীৰ অশ্লীল ভিডিঅ’ৰে ব্লেকমেইল কৰি ৭ লোকে চলাইছিল এই পাশবিকতা।
আৰক্ষীয়ে জনোৱা মতে, ছয়জন অভিযুক্তৰ ভিতৰত এজনে প্ৰথমে ইনষ্টাগ্ৰামত ২০ বছৰীয়া যুৱতীগৰাকীৰ সৈতে বন্ধুত্ব গঢ়িছিল। ২০২৩ চনৰ এই কথা। যেতিয়া যুৱতীগৰাকী কলেজলৈ যাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে এজন অভিযুক্তৰ সৈতে ইনষ্টাগ্ৰামত বন্ধুত্ব গঢ়ি তুলিছিল।
আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী যুৱতীক ২০২৩ চনৰ নৱেম্বৰ মাহত অভিযুক্তই হোটেলত ব্ৰেকফাষ্ট কৰিবলৈ বুলি লগত লৈ গৈছিল। সেই হোটেলতেই অভিযুক্তই ইচ্ছাকৃতভাৱে যুৱতীৰ কাপোৰত ইডলি পেলাই চাফা কৰাৰ অজুহাতত এটা অন্য কোঠালৈ লৈ নিছিল।
সেই কোঠাৰেই বাথৰুমত যুৱতীয়ে কাপোৰ চাফা কৰি থকাৰ সময়ত অভিযুক্ত যুৱক বিশাল শমলভাই বেৰাই ভিতৰলৈ সোমাই গৈ যুৱতীৰ ভিডিঅ’ কৰি ৰাখে। যুৱতীয়ে এই কাৰ্যত বাধা দিয়াত অভিযুক্ত বিশালে ভয়-ভাবুকি দিয়ে ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ।
পাছলৈ সেই ভিডিঅ’ ক্লিপ ব্যৱহাৰ কৰিয়ে ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিশাল আৰু বিশালৰ বন্ধুসকলৰ সৈতে বিভিন্ন ঠাইত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল।
আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে বিশালে ভিডিঅ’টোৰ জৰিয়তে ব্লেকমেইল কৰি যুৱতীক ইচ্ছাৰ বিৰুদ্ধে ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত আন ছয়জন বন্ধুৱেও উপৰ্যুপৰি কেইবামাহ ধৰি ধৰ্ষণ কৰিছিল যুৱতীক।
অৱশেষত এই ঘটনাত বিৰক্ত হৈ ভুক্তভোগীয়ে কোনোমতে সাহস গোটাই পলানপুৰ তালুকা আৰক্ষীৰ সৈতে যোগাযোগ কৰি ৬ অভিযুক্তসহ এজন নামনজনা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ধৰ্ষণ আৰু অপৰাধমূলক ভয়-ভাবুকিৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ধাৰাত গোচৰ ৰুজু কৰিছে।
আইনৰ ৬৭ ধাৰাত অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পালনপুৰ তালুকা আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, এফ আই আৰ দাখিল কৰা ৬ জন লোকৰ ভিতৰত আছে বিশাল শমালভাই বেৰা, ৰাহুল শমালভাই পফাফ, দীপক নৰসংভাই পফাফ, শুভাম ঘেমাৰভাই ভূটদিয়া, আশীষ শমালভাই পফাফ আৰু জিগাৰ গলবাভাই বোকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ