আকৌ বিপত্তি এয়াৰ ইণ্ডিয়াৰ বিমানত৷ সোমবাৰে লণ্ডনৰ পৰা মুম্বাইলৈ উভতাৰ পথত এয়াৰ ইণ্ডিয়াৰ এ আই ১৩০ বিমানৰ যাত্ৰী আৰু ক্ৰুসহ ১১ জন লোক হঠাৎ অসুস্থ হৈ পৰিছে৷ বিমানখনে যেতিয়া ৩৫ হাজাৰ ফুট উচ্চতাত আছিল তেতিয়াই এই ঘটনা ঘটিছে৷ প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে খাদ্য বিষক্ৰিয়াৰ কাৰণে এই অসুস্থতা হব পাৰে৷
এক সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি এ আই ১৩০ বিমানখন আছিল বোয়িং ৭৭৭৷ কেবিনত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত মূৰ ঘুৰোৱা আৰু অন্যান্য অসুস্থতাই দেখা দিয়াৰ সম্ভাৱনাও আছে৷ ধাৰণা কৰা হৈছে খাদ্য বিষক্ৰিয়াই হব পাৰে৷
এক বিবৃত্তিত এয়াৰ ইণ্ডিয়াই জনাইছে যে লণ্ডনৰ হিথৰোৰ পৰা মুম্বাইগামী ফ্লাইট এ আই ১৩০ত পাঁচজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰৰ মূৰ ঘূৰোৱা আৰু বমি বমি ভাৱ অনুভৱ কৰাৰ কথা জনাইছে৷ বিমানখন নিৰাপদে মুম্বাইত অৱতৰণ কৰিছে৷ লগে লগেই মেডিকেল টিমে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিছে৷ বিবৃতিত আকৌ জনোৱা হৈছে, ‘অৱতৰণৰ পাছত, দুই যাত্ৰী আৰু দুই কেবিন ক্ৰু যিসকলে অসুস্থ বোধ কৰি থাকে, তেওঁলোকে এই পৰীক্ষাৰ বাবে মেডিকেল ৰুমলৈ লৈ যোৱা হয় আৰু কিছু সময় পৰ্যবেক্ষণত ৰাখি এৰি দিয়া হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















