এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ যান্ত্ৰিক ত্ৰুটি৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানে যান্ত্ৰিক ত্ৰুটিৰ বাবে জৰুৰী অৱতৰণ কৰিব লগা হয় কোচি বিমানবন্দৰত৷ বিমানখন ছৌদি আৰৱৰ জেড্ডাৰ পৰা কেৰালাৰ কোঝিকোড় বিমানবন্দৰ অভিমুখে আহি আছিল৷ বিমানত আছিল মুঠ ১৬০ গৰাকীকৈ যাত্ৰী৷ কেৰালা সোমোৱাৰ পূৰ্বেই হঠাৎ যান্ত্ৰিক বিজুতি অনুভৱ কৰে পাইলটে৷ লগে লগেই কাষৰ কোচি বিমানবন্দৰত বিমানখন অৱতৰণ কৰোৱা হয়৷ বৰ্তমান আটাইকেইগৰাকী যাত্ৰীয়ে সুৰক্ষিত বুলি জনাইছে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা৷
বৃহস্পতিবাৰে পুৱা ৯ বাজি ৭ মিনিটত বিমানখনো কোচি বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে৷ তাৰপিছতেই বিমানৰ পৰা সকলো যাত্ৰীক নমাই বিমানবন্দৰৰ কৰ্মীয়ে বিমানখন পৰীক্ষা কৰে৷ দেখা গৈছে যে বিমানখনৰ সোঁফালে লেণ্ডিং গিয়েৰ আৰু টায়াৰত যান্ত্ৰিক ত্ৰুটি আছে৷ মাজ আকাশতে যান্ত্ৰিক ত্ৰুটিৰ বিষয়টো আন্দাজ কৰিছিল পাইলটে৷ সেয়ে ততাতৈয়াকৈ কোচিতেই বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়৷
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী অধিকাৰীয়ে জনাইছে যে বিকল্প বিমানেৰে যাত্ৰীসকলক কোঝিকোড়লৈকে লৈ যোৱা হব৷ সময়মতে লৈ যাব নোৱাৰিলে কোচি বিমানবন্দৰতে যাত্ৰীসকলৰ অস্থায়ীভাৱে থকা খোৱাৰ ব্যৱস্থা কৰা হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















