যাত্ৰীসকল ইতিমধ্যেই ফ্লাইটত উঠিছিল৷ কিছুসময়ৰ পাছতেই ফ্লাইট টেক অফ কৰাৰ ঘোষণা৷ সেই সময়ত বিমানত উঠে বিমান কৰ্তৃপক্ষ৷ BA অৰ্থাৎ ব্ৰেথ এনালাইজাৰ পৰীক্ষাৰ পাছত আটক কৰা হ’ল এয়াৰ ইণ্ডিয়াৰ পাইলটক৷ বিগত ২৩ ডিচেম্বৰত এই ঘটনা ঘটিছে৷ অৱশ্যে ঘটনাৰ খবৰ পোহৰলৈ আহিছে বুধবাৰে৷ এই ঘটনাক লৈ সকলোৱে আকৌ চৰ্চা কৰিছে৷ পাইলটৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰিছে এয়াৰ ইণ্ডিয়াই৷
এয়াৰলাইন সংস্থাৰ সূত্ৰৰ পৰা জনা গৈছে কানাডাৰ ভেঙকুভাৰৰ পৰা ভিয়েনা হৈ দিল্লী অহাৰ কথা আছিল ফ্লাইটখনৰ৷ ৩ বজাত টেক অফৰ ঠিক পূৰ্বেই এই ঘটনা ঘটে৷ ফ্লাইটত উঠাৰ পূৰ্বে ডিউটি ফ্ৰি শ্বপলৈ গৈছিল পাইলটগৰাকী৷ তাতেই বিপত্তি ঘটে৷ কিছুসময়ৰ পাছতেই পাইলটৰ বিৰুদ্ধে বিমানবন্দৰ কৰ্তৃপক্ষক অভিযোগ জনাই দোকানখনৰ এগৰাকী কৰ্মীয়ে৷ কৰ্তৃপক্ষই চিচিটিভি ফুটেজ চাই নিশ্চিত হয় যে সেই ব্যক্তি এয়াৰ ইণ্ডিয়াৰ পাইলট৷
ইয়াৰ পাছতেই ফ্লাইটত উঠে বিমানবন্দৰ কৰ্তৃপক্ষৰ এটা দল৷ তাতেই পাইলটক ব্ৰেথ এনালাইজাৰ লগাই টেষ্ট কৰা হয়৷ তাত উত্তীৰ্ণ হব নোৱাৰিলে পাইলট৷ লগে লগেই পাইলটগৰাকীক আটক কৰা হয়৷ পাইলটক আটক কৰাৰ পাছতেই ফ্লাইটখনৰ দুঘণ্টা দেৰী হয়৷ ঘটনাটোক অত্যন্ত গুৰুত্বসহকাৰে লৈছে এয়াৰ ইণ্ডিয়াই৷ সংশ্লিষ্ট পাইলটক দুদিনৰ পাছত দিল্লীলৈ লৈ অহা হয়৷ তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে৷ বিষয়টো ডিজিচিএকো জনোৱা হৈছে৷ তেওঁলোকেও পৃথককৈ তদন্ত আৰম্ভ কৰিছে৷
আন্তৰ্জাতিক ৰুটত উৰাণৰ পূৰ্বে ব্ৰেথ এনালাইজাৰ পৰীক্ষা ব্যধ্যতামূলক নহয়৷ কাৰণ এই ধৰণৰ ফ্লাইটত বিমানৰ মাজতেই সুৰা পৰিবেশন কৰে৷ সেয়ে সাধাৰণতে অৱতৰণৰ পাছত পৰীক্ষা কৰা হয় যাতে নিশ্চিত হ’ব পাৰি পাইলটে উৰাণৰ সময়ত মদ্যপান কৰা নাই৷ ডমেষ্টিক ফ্লাইটত সুৰা পৰিবেশন কৰা নহয়৷ তাত টেক অফৰ পূৰ্বে ব্ৰেথ এনালাইজাৰ পৰীক্ষা কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















