চকুৰ পানীৰে তিতি গৈছে এলবামৰ পাত৷ ৰঙা পোছাকত থকাগৰাকী মাতৃ আৰু অইন দুগৰাকীৰ এগৰাকী তেওঁৰ ভনীয়েক আৰু অন্যগৰাকী বায়েক৷ সকলোৱে হাত ফুৰাইছে পাৰিবাৰিক ছবিৰ এলবামত৷ কাৰণ সেই এলবামেই হয়তো ভৰসা ঘৰৰ কন্যা নগানথোই শৰ্মাক চোৱাৰ৷ আহমেদাবাদ বিমানবন্দৰৰ কাষত ভাঙি পৰা লণ্ডনগামী এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ কেবিন ক্ৰু আছিল নগানথোই৷ বিমানখনৰ গন্তব্যস্থান আছিল ব্ৰিটেইনৰ গেটউইক বিমানবন্দৰ৷
https://x.com/PTI_News/status/1933138686272745634
কিন্তু উৰণৰ কিছুক্ষণৰ পাছতেই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ কাষৰ ঘন বসতিপূৰ্ণ এলেকাত ভাঙি পৰে৷ খবৰ লাভ কৰিয়েই নগানথোইয়ৰ পৰিয়ালৰ সদস্যসকল একত্ৰ হৈছে৷ এজনে আনজনক সান্ত্বনা দিছে, কোনোৱে চকু পানী টুকি অজ্ঞান হৈ পৰিছে৷ আতংক, অসহায়তা আৰু গভীৰ শোকৰ ছবি ধৰা পৰিছে বিশেষ এটা ভিডিঅত৷ পি টি আইয়ে দিয়া বিশেষ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷ এলবামত কন্যাৰ ছবি চাই কান্দি কান্দি এগৰাকী মহিলাই কৈছে, ‘এই দুখন হাতেৰে তাইক ডাঙৰ কৰিছিলো৷ মই তোক চাব খুজিছো৷’ আন এগৰাকীয়ে আকৌ কান্দি কান্দি কৈছে, ‘মোক ফোনটো দে মই তাইৰ ছবি চাওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















