নেপথ্যৰ গায়িকা আলকা ইয়াগনিক অসুস্থ৷ স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈছে আলকা৷ এই ৰোগৰ ফলতেই হ্ৰাস পাইছে তেওঁৰ শ্ৰৱণ ক্ষমতা৷ ইনষ্টাগ্ৰাম পোষ্টযোগে নিজৰ অসুস্থতাৰ কথা জনাইছে প্লেবেক ছিংগাৰগৰাকীয়ে৷ ১৭ জুনত আলকাই নিজৰ এখন ছবি সামাজিক মাধ্যমত পোষ্ট কৰিছে৷ সেই ছবি পোষ্ট কৰি তেওঁ সকলোকে তেওঁৰ দ্ৰুত আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনাবলৈ অনুৰোধ কৰিছে৷
পোষ্টত আলকাই লিখিছে, ‘মই যি আছে সমস্ত মোৰ বন্ধু, অনুৰাগী আৰু শুভাকাংক্ষীৰ বাবেই৷ সেই সপ্তাহ পূৰ্বে মই ফ্লাইটৰ পৰা নামোতে অনুভৱ কৰিছিলো যে মই শুনা পোৱা নাই৷ তাৰপিছতেই কেইবাসপ্তাহ অতিক্ৰম কৰিছে৷ এতিয়াও মোৰ এই সমস্যা যোৱা নাই৷ শুভাকাংক্ষীৰ উদ্দেশ্যে এই পোষ্ট এৰিছো৷ যিয়ে মই ক’ত জানিব বিচাৰি আছে তেওঁলোকৰ বাবে এই পোষ্ট৷ ভাইৰেল আক্ৰমণৰ কাৰণে মোৰ শৰীৰৰ স্নায়ুৰ সমস্যাই দেখা দিছে৷ বিৰল সংবেদনশীল স্নায়ুৰ সমস্যাই দেখা দিছে৷ যাৰ বাবে মোৰ শ্ৰৱণশক্তি হ্ৰাস পাইছে৷ এই আকস্মিক আৰু বৃহৎ ঢাক্কাই মোৰ শৰীৰো দুৰ্বল কৰি তুলিছে৷ মই এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ যত্ন কৰি আছো৷ আপোনালোকেও দয়া কৰি মোৰ বাবে প্ৰাৰ্থনা কৰিব৷’
আলকাই তেওঁৰ এই পোষ্টত জোৰকৈ মিউজিক শুনা আৰু হেডফোনত উচ্চ স্বৰত মিউজিক শুনা আদিৰ পৰা আঁতৰি আছে বুলিও জনায়৷ তেওঁ কয়, ‘মই মোৰ পেছাগত জীৱনতো স্বাস্থ্যজনিত বিপদৰ বাবেই দূৰত্বত অৱস্থান কৰিছো৷ আশা কৰিছো সোনকালেই সুস্থ হৈ আপোনালোকৰ মাজলৈ মই উভতি আহিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ