• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

2 years ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

11 hours ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

11 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

13 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

14 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

14 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

16 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

17 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

17 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

17 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

18 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

editor by editor
September 11, 2023
in বিশ্ব, লেখা
0
অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল
0
SHARES
854
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেইদিনা জুই, কলা ধোঁৱা আৰু মানুহৰ আৰ্তনাদে আমেৰিকাৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা সেইদিনা অ’ত-ত’ত, আমেৰিকাৰ ৰাজ পথত মানুহৰ মাংস ছিটিকি পৰিছিল৷ চৌদিশে কেৱল শুনা গৈছিল আৰ্তনাদ৷ কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল আমেৰিকাবাসীৰ৷ চকুৰে দেখিও বিশ্বাস কৰিবলৈ টান পাইছিল আপোন মানুহৰ চিৎকাৰ৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা তচনচ হৈ গৈছিল৷

২০০১ চনৰ ১১ ছেপ্টেম্বৰ৷ সেই দিনা আছিল মঙলবাৰ৷ আমেৰিকাৰ বুকুত ভয়াৱহ জঙ্গি হামলাত ক্ষতিগ্ৰস্থ হৈ পৰিছিল নিউৱৰ্কৰ ৱাৰ্ল্ড ট্ৰেড চেন্টাৰ৷ নিমিষতে ধ্বংসস্তুপত পৰিণত হৈছিল হৈছিল টুইন টাৱাৰ্ছ৷ সেই ঘটনাৰ সোমবাৰে ২২বছৰ সম্পূৰ্ণ হ’ল৷ ১৯৪১ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ পূৰ্বে পাৰ্ল হাৰবাৰত আমেৰিকাৰ নৌ বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল জাপানৰ বায়ুসেনাই৷ তাৰপিছতেই ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ হোৱা এই আক্ৰমণ আমেৰিকাৰ ইতিহাসৰ দ্বিতীয় বৃহৎ আক্ৰমণ৷ ইতিহাসৰ পৃষ্ঠাত ‘৯/১১ আক্ৰমণ’ হিচাপে এই দিনটো লিখিত হৈছে৷ ১১ ছেপ্টেম্বৰৰ এই দিনটোক কলা দিন হিচাপেই মানে আমেৰিকাৰ প্ৰতিজন লোকে৷

প্ৰতি বছৰে এই দিনটোত হাজাৰ হাজাৰ মানুহ ৰাস্তালৈ ওলাই আহে৷ আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ফুল-মালা-মমবাতি লৈ ৱৰ্ল্ড ট্ৰেড ছেণ্টাৰত হাজিৰ হয়৷ কিন্তু কেনেকৈ এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল? এই ঘটনাৰ নেপথ্যত কোন আছিল? ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত এই আক্ৰমণৰ ঘটনাত জড়িত আছিল অল-কায়দা৷ ঘটনাৰ দিনা পুৱাই নিষিদ্ধ সংগঠন অল কায়দাৰ ১৯ জন সদস্যই বেলেগ বেলেগ বিমানবন্দৰেৰে আমেৰিকাত প্ৰৱেশ কৰিছিল৷ তাৰপিছতেই বন্দুক, বোমা, গোলাবাৰুদ লৈ চাৰিটা দলত ভাগ হৈ চাৰিখন বাণিজ্যিক বিমানৰ ভিতৰত আত্মগোপন কৰি আছিল৷ ৪ টা দুষ্কৃতিকাৰীৰ দলৰ দুটা দলে প্ৰথমে দুখন বিমান লৈ নিউৱৰ্কৰ ৱাৰ্ল্ড ট্ৰেড ছেণ্টাৰৰ ‘টুইন টাৱাৰ্ছ’ত আক্ৰমণ কৰে৷ সেই সময়ত সেই বিশেষ টুইন টাৱাৰ্ছটো বিশ্বৰ ৫টা ওখ অট্টালিকাৰ ভিতৰত এটা আছিল৷ প্ৰথমে বিমানখনে পুৱা ৮ বাজি ৪৬ মিনিটত ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ উত্তৰ মিনাৰৰ ৯৩ মহলাৰ পৰা ৯৯ মহলাত গৈ ধাক্কা মাৰে৷

প্রথম ধাক্কাৰ পাছত ৯বাজি ৩ মিনিটত দ্বিতীয় বিমানখন লৈ আক্ৰমণ কৰে দলটোৱে৷ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দক্ষিণ মিনাৰৰ ৭৭ মহলা আৰু ৮৫ মহলাত আক্ৰমণ কৰে দ্বিতীয়খন বিমানে৷ এই দুয়োখন বিমানত মুঠ ১০টা দুষ্কৃতিকাৰী আছিল৷ দুখন বিমানত মুঠ যাত্ৰী আৰু বিমানত কৰ্মৰত সদস্যৰ সংখ্যা আছিল ১৪৭ জন৷ বিমান দুখনে দুবাৰকৈ চলোৱা আক্ৰমণত নিহত হৈছিল মুঠ ২,৭৬৩ জন ব্যক্তিৰ৷ এই আক্ৰমণৰ দুঘণ্টাৰ ভিতৰতেই ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ বিশেষ টুইন টাৱাৰটো ধুলিৰ সৈতে মিলি যায়৷ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ আৰু এটা ৪৭ মহলীয়া অট্টালিকা ভাঙি পৰে৷ আন দুখন বিমানে আমেৰিকাৰ ৰাজধানী ৱাছিংটনত আক্ৰমণ চলাই৷

তৃতীয় বিমানখনত আছিল পাঁচগৰাকী জঙ্গী৷ যাত্ৰী আৰু বিমানৰ সদস্য মিলি মুঠ ৫৯গৰাকী লোক আছিল তৃতীয়খন বিমানত৷ ৯ বাজি ৩৭ মিনিটত বিমানখনে ধাক্কা মাৰে ভাৰ্জিনিয়াৰ আৰ্লিংটন কাউণ্টিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগত আক্ৰমণ কৰে৷ সেই আক্ৰমণত মুঠ ১৮৯ গৰাকী লোকৰ মৃত্যু হয়৷ চতুৰ্থখন বিমানে আক্ৰমণ চলায় ১০ বাজি ৩ মিনিটত৷ সেই বিমানখনত মুঠ ৪ জন সন্ত্ৰাসবাদী আছিল৷ সেই আক্ৰমণত মৃত্যু হয় ৪০গৰাকী লোকৰ৷ এই ৪ জংগী আক্ৰমণত মুঠ ৯৩ খন দেশৰ প্ৰায় তিনি হাজাৰ মানুহৰ মৃত্যু হৈছিল৷ আহত হৈছিল কেইবাহাজাৰ লোক৷

ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংস হোৱাৰ পাছত আমেৰিকাৰ অৰ্থনীতি আৰু বিশ্বৰ বজাৰত উল্লেখযোগ্য প্ৰভাৱ পৰে৷ প্ৰায় ৭-৮ মাহ ধৰি ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ মেৰামতিতেই সময় পাৰ হয়৷ ইয়াৰ পাছতেই ২০০৬ চনক ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ পুনঃনিৰ্মাণৰ কাম আৰম্ভ হয়৷ ২০১৪ চনত এই চেণ্টাৰ আকৌ জনসাধাৰণৰ বাবে খুলি দিয়া হৈছে৷ ১১ ছেপ্টেম্বৰত নিহতসকলৰ স্মৰণত সেই স্থানত কেইবাটাও স্মৃতিসৌধ নিৰ্মাণ কৰিছে আমেৰিকাই৷ ৯/১১ৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আল-কায়দাই৷ এই আক্ৰমণৰ নেপথ্যত আছিল আল-কায়দা প্ৰধান ওছামা-বিন-লাডেন৷

এই ঘটনাৰ পাছতেই আমেৰিকাই আল-কায়দাৰ নেতা খালিদ শ্বেখ মহম্মদক ২০০৩ চনত পাকিস্তানৰ ৰাৱালপিণ্ডিৰ পৰা গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰৰ পাছত খালিদ শ্বেখ মহম্মদৰ ঠিকনা হৈ পৰে আমেৰিকাৰ গুয়ানতানামো কাৰাগাৰ৷ লাডেনে কিন্তু প্ৰাথমিকভাৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লোৱা নাছিল৷ ২০০৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ৰ এটা বিশেষ অডিঅ’ কল ভাইৰেল হৈ পৰিছিল বিশ্বত৷ সেই অডিঅ’ত লাডেনে ৯/১১ৰ আক্ৰমণৰ আঁৰত আল-কায়দা সেই কথা স্বীকাৰ কৰিছিল৷ এই আক্ৰমণৰ সৈতে ওছামা বিন লাডেন জড়িত থকাৰ কথাও স্বীকাৰ কৰিছিল৷

আমেৰিকাই কেতিয়াও চৰকাৰীভাৱে ১১ ছেপ্টেম্বৰৰ ঘটনাত লাডেন দায়ী বুলি কোনো বিবৃত্তি প্ৰকাশ নকৰিলে৷ কিন্তু টানজেনিয়াত থকা দাৰ-এছ-ছালাম আৰু কেনিয়াৰ নাইৰোবিত থকা আমেৰিকাৰ দূতবাসত আক্ৰমণ চলোৱাৰ অভিযোগত এফ বি আইৰ মষ্ট ৱাণ্টেড তালিকাত আহে লাডেন৷ ইয়াৰপাছতেই আমেৰিকাই প্ৰায় ১০ বছৰ ধৰি লাডেনক বিচাৰি অভিযান চলায়৷ ২০১১ চনৰ ১ মেত পাকিস্তানৰ এবোটাবাদত আমেৰিকাৰ বিশেষ বাহিনীৰ গুলিত লাডেনক হত্যা কৰা হৈছে বুলি ঘোষণা কৰে আমেৰিকাৰ তৎকালীন প্ৰেছিডেণ্ট বাৰাক ওবামাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
Next Post
৪ দিনতেই ৫০০ কোটি! শ্বাহৰুখৰ জাৱানে ভাঙিলে কেইবাটাও ৰেকৰ্ড

৪ দিনতেই ৫০০ কোটি! শ্বাহৰুখৰ জাৱানে ভাঙিলে কেইবাটাও ৰেকৰ্ড

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.