বুধবাৰে ২০১৮ চনৰ পৰা হলিউডৰ অভিনেতা জনী ডেপ আৰু তেওঁৰ প্ৰাক্তন পত্নী অভিনেত্ৰী এম্বৰ হাৰ্ডৰ মাজত চলি থকা মানহানিৰ গোচৰৰ ৰায়দান কৰা হয়৷
সাতজনীয়া জুৰীয়ে এই গোচৰত দুয়োকে দোষী সাব্যস্ত কৰে। কিন্তু জনী ডেপৰ প্ৰাক্তন পত্নী এম্বৰ হাৰ্ডক অধিক দোষী সাব্যস্ত কৰি ১৫ মিলিয়ন ডলাৰ জৰিমনা দিবলৈ নিৰ্দেশ দিয়া হয়। অৰ্থাৎ আদালতৰ নিৰ্দেশ অনুসৰি হাৰ্ডে প্ৰাক্তন স্বামীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১৫ মিলিয়ন মাৰ্কিন ড’লাৰ প্ৰদান কৰিব লাগিব৷
ইয়াৰ লগতে আদালতে ডেপকো প্ৰাক্তন পত্নী হাৰ্ডক ২০ লাখ ডলাৰ ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিছে।
লগতে পঢ়ক কংগ্ৰেছত নাথাকিব মুছলমানৰ ৰাজনীতি! অচিৰেই বিতাড়িত হ’ব জ্যেষ্ঠ কংগ্ৰেছী!
কিন্তু আদালতৰ এই সিদ্ধান্তৰ পিছত বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীৰ অধিবক্তাই কয় যে হাৰ্ডে তেওঁৰ প্ৰাক্তন স্বামী জনী ডেপক এক কোটি ক্ষতিপূৰণ দিব পৰা নাই। অধিবক্তা ইলেইন ব্ৰেডহফ্টে এই কথা প্ৰকাশ কৰিছে৷
এনবিচিৰ টুডে শ্ব’ত হাৰ্ডে ধন দিব পাৰিব নেকি বুলি সোধাত তেওঁৰ অধিবক্তা ইলেইন ব্ৰিডহফ্টে কয় যে, “অ’ নাই, একেবাৰে নোৱাৰিব।” তেওঁ লগতে কয় যে “একুৱামেন” তাৰকাগৰাকীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব বিচাৰে৷ অধিবক্তাগৰাকীৰ মতে ‘কিছুমান শক্তিশালী প্ৰমাণ’ৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পুনৰ আপীল কৰিব বিচাৰে।
লগতে পঢ়ক বুধ, শনি, সূৰ্য, শুক্ৰ আৰু মংগল গ্ৰহৰ গতি সলনি, কোন ৰাশিৰ ধন-সম্পত্তি বাঢ়িব?
উল্লেখ্য যে ২০২০ চনত লণ্ডনত ব্ৰিটিছ টেবলয়ড দ্য ছানৰ বিৰুদ্ধে মানহানিৰ গোচৰত পৰাজিত হোৱা ৫৮ বছৰীয়া ডেপে তেওঁৰ প্ৰাক্তন পত্নীক ‘পত্নী-মাৰপিট’ কৰাৰ অভিযোগৰ গোচৰত এতিয়া জয়ী হৈছে।
এই ৰায়ে ডেপক অত্যন্ত সুখী কৰা বুলিও প্ৰকাশ কৰিছে। আনহাতে প্ৰাক্তন পত্নী হাৰ্ডে যথেষ্ট ভাঙি পৰা জানিব পৰা গৈছে।
স্মৰ্তব্য যে ডেপে ২০১৮ চনৰ ডিচেম্বৰ মাহত হাৰ্ডে দ্য ৱাশ্বিংটন পোষ্টৰ বাবে হাৰ্ডে লিখা এটা প্ৰবন্ধৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ য’ত হাৰ্ডে নিজকে ‘ঘৰুৱা হিংসাক প্ৰতিনিধিত্ব কৰা চেলিব্ৰিটি’ বুলি বৰ্ণনা কৰিছিল। টেক্সাছত জন্মগ্ৰহণ কৰা হাৰ্ডে লেখাটোত ডেপৰ নাম উল্লেখ কৰা নাই যদিও ডেপে তেওঁৰ বিৰুদ্ধে গোচৰ তৰি ৫ কোটি ডলাৰ ক্ষতিপূৰণৰ দাবী কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ