আমেৰিকাৰ ফিলাডেলফিয়াত ইষ্টাৰ্ণ ষ্টেট পেনিটেন্সিয়েৰী নামৰ এখন কাৰাগাৰ আছে। এই কাৰাগাৰখন আমেৰিকাৰ আটাইতকৈ ভয়ংকৰ আৰু জঘন্য কাৰাগাৰ হিচাপে গণ্য কৰা হয়।
১৪২ বছৰীয়া এই কাৰাগাৰখনৰ ভিতৰ তথা বেৰবোৰত কয়দীসকলৰ অত্যাচাৰৰ কাহিনী জীৱন্ত হৈ আছে বুলি কোৱা হয়। আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ অপৰাধী আল কেপ’নকো এই কাৰাগাৰত ৰখা হৈছে। এই কাৰাগাৰখন হৈছে আমেৰিকাৰ কিছুমান হিংস্ৰ আৰু দুৰ্নীতিগ্ৰস্ত অপৰাধীৰ বাসস্থান।
লগতে পঢ়ক পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা
ডেইলী ষ্টাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে দৰ্শনাৰ্থীয়ে কাৰাগাৰখনত উপস্থিত হৈ তাত চলি থকা নিৰ্যাতন, পৃথকীকৰণ, ৰোগ, হত্যা আৰু বন্দীৰ মাজৰ উন্মাদনাৰ আদি বিভীষিকাময় পৰিস্থিত প্ৰত্যক্ষ কৰে।
কাৰাগাৰখনৰ ঘৰবোৰো ইমানেই জৰাজীৰ্ণ যে নাম প্ৰকাশত অনিচ্ছুক দৰ্শনাৰ্থীজনৰ মতে কয়দীসকলে কাৰাগাৰত পচি যোৱা দেৱাল আৰু ভঙা আচবাব লৈ ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়।
লগতে পঢ়ক দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…
‘‘মই ভিতৰৰ কোঠাটো অন্বেষণ কৰি প্ৰায় তিনি ঘণ্টা সময় কটালোঁ আৰু ছিন্নভিন্ন হৈ পৰা দেৱালৰ পৰা আৰম্ভ কৰি মল আৰু বিচনা আৰু দেৱালৰ পৰা কাটি পেলোৱা ৰংলৈকে সকলো ফটো তুলিলো। মই এটা কোঠাৰ ভিতৰত বহি বন্দীসকলে কি অনুভৱ কৰিব পাৰে তাৰেই কল্পনা কৰি থাকিলো।’’ দৰ্শনাৰ্থীজনে কয়৷
দৰ্শনাৰ্থীগৰাকীয়ে কয় যে ইয়াৰ দেৱাল আৰু মজিয়াত ইতিহাস আছে। আনকি ষ্টীলৰ বিচনাবোৰেও এটা কাহিনী কয়। এই কাৰাগাৰৰ বিষয়ে আমাৰ কোনোৱেই সঁচাকৈয়ে কল্পনা কৰিব নোৱাৰে। ইয়াত বন্দীসকলক পানীৰে শাস্তি দিয়া হৈছিল। প্ৰথমে ডুবাই থৈ তাৰ পিছত বেৰত ওলোমাই থৈছিল যেতিয়ালৈকে ইহঁতৰ ছালত বৰফে গোট নাবান্ধে।
লগতে পঢ়ক বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?
তেওঁৰ মতে এজন কয়দীক এখন চকীখনত ইমান জোৰেৰে বান্ধি থোৱা আছিল যে দেহৰ ছালখন কাটি গৈছিল। আনকি কয়দীসকলক একেৰাহে ২৩ ঘণ্টা নিজৰ কোঠাত বহুৱাই ৰখা হৈছিল। এই চেলবোৰত বহি এনে লাগে যেন প্ৰতিখন পঁচি যোৱা বেৰ আপোনাৰ ওপৰত পৰি আছে।
উল্লেখ্য যে ১৮২৯ চনত যেতিয়া এই কাৰাগাৰখন মুকলি কৰা হৈছিল, তেতিয়া ইয়াক আমেৰিকাৰ এক অতি ব্যয়বহুল নিৰ্মাণ বুলি কোৱা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ