মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প
মাজত আৰু মাথো কেইটামান দিন বকি। অহা ৫ নৱেম্বৰত বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। যি নিৰ্বাচনত চকু থাকে সমগ্ৰ বিশ্বৰে। আমেৰিকাৰ সৈতে সম্পৰ্ক ভালে ৰখাৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে পৰৱৰ্তী ৰাষ্ট্ৰপতিলৈ। যি নিৰ্বাচনত ভাৰতৰো দৃষ্টি আৱদ্ধ। কিয়নো নিৰ্বাচনত প্ৰতিদ্বন্দিতা আমৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আৰু ভাৰতীয় মূলৰ কমলা হেৰীছ।
মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথো দুসপ্তাহ বাকী থকা অৱস্থাত প্ৰকাশ পাইছে আন এক নতুন সমীক্ষা। যি সমীক্ষাক ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পতকৈ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছে সামান্য অগ্ৰগতি লাভ কৰিছে। নিৰ্বাচনৰ ঠিক আগতে হেৰিছৰ এই নেতৃত্বই আমেৰিকাৰ ভোটাৰৰ পৰিৱৰ্তিত মেজাজৰ দিশলৈ আঙুলিয়াই দিয়ে।
ৰয়টাৰৰ এই সমীক্ষাত কমলা হেৰিছে ৪৫% ভোট পোৱাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ৪২% ভোট পোৱা দেখা গৈছে। এইদৰে হেৰিছে ট্ৰাম্পতকৈ ৩ শতাংশ সামান্য অগ্ৰগতি লাভ কৰিছে। এই সমীক্ষাৰ অন্ত পৰিল এই দেওবাৰে, সেয়েহে ইয়াক আটাইতকৈ নিকট সমীক্ষা বুলি গণ্য কৰা হয়।
অনুমান কৰা হৈছে যে কমলা হেৰিছক লৈ ভোটাৰসকল অতিশয় উৎসাহিত। হেৰিছে ট্ৰাম্পক যিদৰে লক্ষ্য কৰি লৈছে সেয়া ভোটাৰসকলে ভাল পাইছে। কমলা হেৰীছে প্ৰতিটো বিষয়তে কৰ্ণাৰ কৰি আছে ট্ৰাম্পক, গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে ট্ৰাম্পক, যিটো ভোটাৰসকলে ভাল পাইছে।
হেৰিছে এদিন পূৰ্বে পেনচিলভেনিয়াত কৈছিল যে ট্ৰাম্প একেবাৰেই গুৰুতৰ নহয়। প্ৰায়ে অপ্ৰীতিকৰ কথা কয়। এনে ব্যক্তি যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় তেন্তে ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব। নিৰ্বাচনৰ ধাৰা সলনি কৰি অহা সাতখন ডাঙৰ ৰাজ্যৰ ভিতৰত পেনচিলভেনিয়া অন্যতম।
অৱশ্যে প্ৰতিবাৰেই ট্ৰাম্পে প্ৰতিদ্বন্দি কমলা হেৰীছৰ কথা নাকচ কৰি আহিছে। কমলা হেৰিছৰ দৰে মানুহ আমেৰিকাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি দাবী কৰক। এইবোৰৰ বাবেই মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে। ৰাছিয়া-ইউক্ৰেইনৰ সংকট গভীৰ হৈ আহিছে আৰু ক্ষমতাত থকাৰ পিছতো এই লোকসকলে একো কৰিব নোৱাৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ